Breaking

কৰ্কটৰ যাদুকৰী চিকিৎসাৰে কৰ্কট মুক্ত হ’ল ভাৰতীয় বংশোদ্ভূত মহিলা

0 1,556

বিশ্বৰ দেশে দেশে ত্ৰাসৰ সৃষ্টি কৰি অহা কৰ্কট ৰোগ এতিয়া আৰু দুৰাৰোগ্য হৈ থকা নাই। বিশN্বৰ বহু ঠাইতে কৰ্কটত আক্ৰান্ত বহু লোকে চিকিৎসাৰ জৰিয়তে নৱজীৱন লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলাক কৰ্কট ৰোগৰ ঔষধ পৰীক্ষণৰ পিছত কৰ্কট-মুক্ত ঘোষণা কৰা হৈছে। অথচ চিকিৎসাগ্ৰহণৰ আৰম্ভনিতে চিকিৎসকে তেওঁ মাত্ৰ কেইমাহ মানহে জীয়াই থাকিব বুলি কৈছিল।

ব্ৰিটেইনৰ এখন চিকিৎসালয়ত এক নিদানিক পৰীক্ষণৰ পিছত জেছমিন ডেভিড নামৰ ৫১ বছৰীয়া মহিলাগৰাকীক কৰ্কটমুক্ত বুসলি ঘোষণা কৰা হয়। চিকিৎসকে মাত্ৰ কেইমাহ মানৰ সময় ধৰি দিয়াৰ পিছত জেছমিন ডেভিডে জীয়াই থকাৰ সকলো আশা এৰি দিছিল। কিন্তু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ (এনএইচএছ) দৰবৰ পৰীক্ষণ সফল হোৱাৰ পিছত মানচেষ্টাৰৰ ফ্লোফিল্ডৰ ৫১ বছৰীয়া জেছমিন ডেভিডে এতিয়া ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া তেওঁৰ ২৫ সংখ্যক বিবাহ বাৰ্ষিকীৰ বাবে অপেক্ষা কৰি আছে। কৰ্কট ৰোগৰ ঔষধৰ সফল পৰীক্ষণৰ পিছতভাৰতীয় বংশোদ্ভূত মহিলাগৰাকীয়ে এক নতুন জীৱন লাভ কৰাৰ খবৰে এতিয়া আশাবাদী কৰি তুলিছে বহুতকে। ক্ৰিষ্টি এনএইচএছ ফাউণ্ডেচনৰ নেচনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্ছ (এনআইএইচআৰ) মানচেষ্টাৰ ক্লিনিকেল ৰিচাৰ্ছ ফেচিলিটি (চিআৰএফ)ত ডেভিডৰ ওপৰত চলোৱা পৰীক্ষণৰ সময়ত এটেজোলিজুমাব নামৰ এক ইমিউনোথেৰাপী এক পৰীক্ষামূলক ঔষধৰ সৈতে প্ৰয়োগ কৰা হৈছিল।তেওঁ প্ৰতি তিনি সপ্তাহত এই ঔষধ গ্ৰহণ কৰিছিল।স্তন কৰ্কটত আক্ৰান্ত মহিলাগৰাকী লাহে লাহে সুস্থ হৈ আহিবলৈ ধৰে। ফলত উৎসাহী হৈ উঠে দৰবৰ পৰূক্ষণৰ সৈতে জৰিত চিকিৎসকসকল। মহীলাগৰাকীয়ে কয়’প্ৰথমে, মোৰ বহুতো ভয়ংকৰ পাৰ্শ্বক্ৰিয়া হৈছিল, মূৰৰ বিষ আৰু তাপমাত্ৰা বৃদ্ধি হৈছিল, সেয়েহে মই যথেষ্ট দুৰ্বল হৈ পৰিছিলো। তাৰ পিছত সুখৰ কথা যে, মোৰ দেহেচিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল,” । উল্লেখ্য কৰ্কট ৰোগৰ চিকিৎসাত এতিয়া বিশ্বৰ বিজ্ঞানীসকল ভালে খনি সফল হৈছে। জিনীয় পদ্ধতিৰেও কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে।উল্লেখ্য আমেৰিকাত মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ’ব পাৰিছে। দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত ১৮ ৰোগীক বাছি লোৱা হৈছিল।

ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা টিউমাৰ নাইকিয়া হৈ পৰিছে।স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।এণ্ডোস্কোপী; পজিট্ৰন এমিছন টমোগ্ৰাফী , পিইটি স্কেন, এমআৰআই স্কেন আদি কৰাৰ পিছত ৰোগী কেইগৰাকীৰ দেহত কৰ্কট সৃষ্টিকাৰী টিউমাৰ নোহোৱা হৈ পৰাৰ কথা প্ৰমাণ হৈছে।নিউয়ৰ্কৰ মেম’ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ বিশেষজ্ঞ ডাঃ লুইছ এ. ডিয়াজ জেয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ ইতিহাসত এনেধৰণৰ সাফল্যৰ ঘটনা এয়াই প্ৰথম বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে এই ঔষধ ব্যৱহাৰৰ পূৰ্বে ৰোগীসকলৰ কৰ্কট ৰোগৰ কোষ ধ্বংস কৰিবলৈ কেমোথেৰাপী, ৰে’, অস্ত্ৰোপচাৰ আদিও কৰা হৈছিল যদিও বিশেষ সুফল পোৱা নাছিল। কিন্তু ডষ্টাৰলিমাব নামৰ ঔষধবিধ পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে ফল লাভ কৰিবলৈ সক্ষম হয়।অৱশ্যে এই ঔষধ বিধে শৰীৰৰ আন অংশত হোৱা কৰ্কট ৰোগ নিৰাময় কৰিব পাৰিবনে নাই সেই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলোৰেক্টল কৰ্কট বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে।

Leave A Reply