নেৰনেপেৰা বৰষুণৰ ফলত বিভিন্ন ঠাইত জনসাধাৰণৰ অভাৱনীয় পৰিস্থিতি সৃষ্টি হয়।সেই অনুসাৰে আজি ভাৰতীয় ৰেডক্ৰছ ছছাইটি ওদালগুৰি জিলা শাখাৰহৈ শ্বেয়াৰ মেন ডালিম বায়ন আৰু সম্পাদক মিলন দাস আৰু সদস্য জ্যোতিষ দাসে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীত আসক্ত অঞ্চল পৰিদৰ্শন কৰে।লগতে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীণক এই সম্পৰ্কত জলমগ্ন অঞ্চলসমুহৰ তথ্য ফটোসহ প্ৰেৰণ কৰি উচিত ব্যৱস্তা ল’বলৈ অনুৰোধ জনায়।

আনহাতে বহুতো সৰু ল’ৰা ছোৱালীয়ে বিপদসংকুল ভাবে জলমগ্ন অঞ্চলবোৰত অভিভাৱক অবিহনে অহা যোৱা বা খেল-ধেমালি কৰি আছে। সেয়েহে অভিভাৱক সকলোক এই ক্ষেত্ৰত সচেতন হ’বলৈ বিনম্রভাৱে অনুৰোধ জনায়।

