Breaking

জম্মু-কাশ্মীৰত অব্যহাত আছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান…

0 36

জম্মু-কাশ্মীৰত অব্যহাত আছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। বিগত সময়চোৱাত উপত্যকাটোত নিৰাপত্তাৰক্ষীৰ অভিযানত ভালেসংখ্যক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে তথা আটক হৈছে। নিৰাপত্তাৰক্ষীৰ এনে এক অভিযানত আজি পুৱা জম্মুৰ উপকণ্ঠ অঞ্চলত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে পুনৰ চাৰিগৰাকী সন্ত্ৰাসবাদী।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এখন ট্ৰাকৰ সন্দেহজনক গতিবিধিৰ বাবে নিৰাপত্তাৰক্ষীয়ে ট্ৰাকখন পৰীক্ষা কৰাৰ বাবে ৰখায় আৰু সেই মুহূৰ্ততে ট্ৰাকৰ ভিতৰত থকা সন্ত্ৰাসবাদী সদস্য কেইগৰাকীয়ে গুলীচালনা কৰে। লগে লগে নিৰাপত্তাৰক্ষীয়ে প্ৰত্যাক্ৰমণ চলায় আৰু গুলীবৰ্ষণত চাৰি গৰাকী সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে গুলীবৰ্ষণৰ ফলত ট্ৰাকখনত জুই লাগ আৰু জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন লগে লগে ঘটনাস্থলীলৈ মাতি নিয়া হয়। ঘটনা সন্দৰ্ভত জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, “এলেকাটোত এখন ট্ৰাকৰ অস্বাভাৱিক গতিবিধি লক্ষ্য কৰা হৈছিল। সন্দেহবশত: আৰক্ষীয়ে চেক প’ষ্টত ট্ৰাকখন পৰীক্ষাৰ বাবে ৰখায়।”

“সুৰক্ষা বাহিনীয়ে ট্ৰাকখনত তালাচী আৰম্ভ কৰাৰ লগে লগে ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যাক্ৰমণ স্বৰূপে নিৰাপত্তাৰক্ষীয়ে কৰা গুলীবৰ্ষণত আটাইকেইগৰাকী সন্ত্ৰাসবাদী নিহত হয়।”- আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

তেওঁ লগতে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদী কেইগৰাকী নিহত হ’লেও সংঘৰ্ষৰ সময়ত ট্ৰাকখনৰ চালকগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ সন্ধানত বৰ্তমান অনুসন্ধান অভিযান অব্যাহত ৰখা হৈছে।

Leave A Reply