Breaking

টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ

0 1,527

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷
আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ উন্নীত হোৱাত ব্যর্থ ট’মাৰ আৰু ৰাজপুতে৷ কোৱালিফিকেচন ৰাউণ্ডত ট’মাৰে ২১সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে তৃতীয়খন অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰা ৰাজপুতে ৩২সংখ্যক স্থানহে লাভ কৰে৷ দুয়োগৰাকী শ্বুটাৰৰ ব্যর্থতাৰ পিছত টকিঅ’ অলিম্পিকৰ পৰা খালী হাতে উভতিবলগীয়া হয় ভাৰতীয় শ্বুটাৰ বাহিনী৷

Leave A Reply