Breaking

টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা ! দললৈ উভতিল ঋষভ পণ্ট…

0 36

টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা,দললৈ উভতিল ঋষভ পণ্ট, সম্পূৰ্ণ তালিকা

মঙলবাৰে ঘোষণা কৰা হ’ল টি-২০ বিশ্বকাপৰ ভাৰতীয় দল। এইবেলি টি-২০ বিশ্বকাপ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব। ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিব। ঋষভ পণ্ট ১৬ মাহৰ পিছত দললৈ উভতি আহিছে। মটৰ দুৰ্ঘটনাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আহিছে। মঙলবাৰে ভাৰতীয় নিৰ্বাচকসকলে টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ৰোহিত শৰ্মাৰ জন্মদিনত ১৫ জনীয়া দলটো ঘোষণা কৰে। এই বছৰৰ টি-২০ বিশ্বকাপ ২ জুনৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব।

ভাৰতৰ ১৫ জনীয়া দলটোত বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হৈছে। যশস্বী জয়ছোৱালৰ দৰে যুৱ ক্ৰিকেটাৰো এইবাৰ দলত আছে।এই বছৰৰ আই পি এলত বিৰাট ফৰ্মত আছে। বেছিভাগ ৰাণ তেওঁৰ বেটৰ পৰা আহিছে। ৰোহিতেও বিৰাটক দলত বিচাৰিছিল। গতিকে তেওঁক বাদ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। অৱশ্যে, বিশ্বকাপত বিৰাটক অপেনাৰ হিচাপে দেখা যাব নে নাই সেয়া এতিয়াও স্পষ্ট নহয়। কাৰণ ৰোহিত আৰু যশস্বী দলত আছে। তেওঁলোক অপেনাৰো। টি-২০ ৰেংকিঙত এক নম্বৰ স্থানত থকা সূৰ্যকুমাৰ যাদৱ ভাৰতীয় দলত আছে। সঞ্জু চেমছনো দলত আছে। তেওঁ আই পি এলত ভাল খেলিছিল আৰু ভাৰতীয় দলত স্থান লাভ কৰিছিল। কিন্তু দলত ঠাই নাপালে লোকেশ ৰাহুলে।

বহুতে প্ৰশ্ন কৰিছিল যে হাৰ্দিক পাণ্ডিয়াক খেলোৱা হ’ব নে নাই। । হাৰ্ডিকক উপ-অধিনায়ক কৰা হৈছে। টি-২০ বিশ্বকাপৰ ভাৰতীয় দলটোঃ ৰোহিত শর্মা (অধিনায়ক), বিৰাট কোহলী,যশস্বী জয়ছোৱাল,সূৰ্যকুমাৰ যাদৱ,ঋষভ পন্ট ,সঞ্জু চেমচন,হার্দিক পাণ্ডিয়া (উপ-অধিনায়ক),শিৱম দুবে,ৰবীন্দ্ৰ জাদেজা,অক্ষৰ পেটেল,যুজবেন্দ্র চাহাল,অর্শ্বদীপ সিং,কুলদীপ যাদৱ,যশপ্রীত বুমৰাহ,মহম্মদ ছিৰাজ ৰিজার্ভ খেলুৱৈসকলঃ শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আভেছ খান ।

Leave A Reply