অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20 মেচৰ বাবে ঘোষণা ভাৰতীয় দল, অধিনায়কৰ দায়িত্ব সূৰ্যকুমাৰ যাদৱক…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T20 মেচৰ বাবে ঘোষণা ভাৰতীয় দল, সূৰ্যকুমাৰ যাদৱক অধিনায়কৰ দায়িত্ব। প্ৰথম ৩খন খেলত ঋতুৰাজ গাইকোৱাড় হ’ব সহঃ অধিনায়ক৷

শেষৰ ২খন মেচত শ্ৰেয়াছ আয়াৰক সহঃ অধিনায়কৰ দায়িত্ব৷ ভাৰতীয় দলত অন্তৰ্ভুক্ত ঈশান কিষাণ, যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, শিৱম ডুবে, ৰবি বিষ্ণই, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, আৱেশ খান, মুকেশ কুমাৰ৷

২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ ৫খনীয়া T20 শৃংখলা৷ আনহাতে দলত স্থান নাপালে অসমৰ ৰিয়ান পৰাগে।

Related Articles