Breaking

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰৰ অসমত ভলীবল একাডেমী গঢ়াৰ পৰামৰ্শ

0 1,680

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰ
উত্তৰপ্ৰদেশৰ মজফ্ফৰ জিলাত ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰাই ভলীবল খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ দোপদদোপে উন্নতি কৰি ২০২০ চনত ভাৰতীয় ভলীবল দলৰ নিৰ্ভৰযোগ্য স্পাইকাৰ হোৱাৰ লগতে দলটোৰ নেতৃত্ব বহন কৰিছিল। ৬ ফুট ৫ ইঞ্চি উচ্ছতাৰ দীৰ্ঘদেহী বিনীতে ২০০৮ চনৰ পৰা ভলীবল খেলা আৰম্ভ কৰি ২০১৬ চনৰ পৰা আজিলৈ ভাৰতীয় ভলীবল দলৰ অন্যতম সদস্য হিচাপে স্থান নিগাজি কৰি ৰাখে। ইয়াৰ ভিতৰত ২০১৮ চনত এছিয়ান গেমছ, ২০১৯ চনত এছিয়ান চেম্পিয়নশ্বীপত অংশ গ্ৰহন কৰাৰ লগতে ২০১৬ আৰু ২০১৯ চনৰ ছাৰ্ফ গেমছত সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হয় বিনীত কুমাৰৰ ভাৰতীয় দলে। ২০১৪ চনত অ এন জি চিত চাকৰিত যোগদান কৰি বৰ্তমান অ এন জি চিৰ আটাইবোৰ খেলুৱৈ গুৱাহাটীত থাকি সৰুসজাই ষ্টেডিয়ামত অনুশীলন অব্যাহত ৰাখিছে। তেওঁ উত্তৰ প্ৰদেশ, উত্তৰাখাণ্ড আৰু অসমৰ হৈ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে। উল্লেখ্য যে যোৱা ৫ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ ভূৱনেশ্বৰৰ কলিংগ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৬৯ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিনীত কুমাৰে অসম দলক প্ৰতিনিধিত্ব কৰি পোনপ্ৰথম বাৰৰ বাবে দলটোক ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল। দলটোৰ অধিনায়কো আছিল বিনীত কুমাৰ। অসমৰ সূ সন্তান ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভটাচাৰ্য্যক উচ্ছ প্ৰশংসা কৰি তেওঁৰ পৰা পোৱা সহায়ৰ কথা অকপটে স্বীকাৰ কৰে। অসমত ভটাচাৰ্য্যৰ নেতৃত্বত অসম ভলীবল মিছন-১০০ ৰ জড়িয়তে ভলীবলৰ ওপৰত যিধৰণে কাম কৰি আছে এদিন সফলতা লাভ কৰিব বুলি তেওঁ যথেষ্ট আশাবাদী। ভাৰতীয় ভলীবল দলৰ প্ৰশিক্ষক শ্ৰীধৰণ, অ এন জি চিৰ প্ৰশিক্ষক অবিনেচ যাদৱ, মেনেজাৰ চুব্বা ৰাওঁ, অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ আটোৱাৰ হুছেইন আদিক তেওঁ শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰে। অসমৰ ভলীবল খেলুৱৈক উচ্চ প্ৰশংসা কৰি ভবিয্যতে অসমৰ খেলুৱৈয়েও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত মেডেল কঢ়িয়াই আনিব পাৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন খেলুৱৈ সকলৰ অকুন্ঠ সহযোগিতাক তেওঁ আন্তৰিকতাৰে শলাগ জনায়। অসমৰ খেলুৱৈৰ বাবে একাডেমী গঢ়াৰ পোষকতাও কৰে ভাৰতীয় ভলীবল দলৰ অধিনায়ক জনে। একাডেমীৰ জড়িয়তে পদ্ধতিগত ভাৱে অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যাৱস্থা কৰাৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়ায়। থাউকতে এজন খেলুৱৈৰ সৃষ্টি হ’ব নোৱাৰে ইয়াৰ বাবে লাগিব কঠোৰ অনুশীলন, ধৈৰ্য, সাহস আৰু একাগ্ৰতা। জীৱনৰ বহুত ঘাট-প্ৰতিঘাট নেওচি বিনীত কুমাৰে এতিয়া ভাৰতীয় ভলীবল দলক নেতৃত্ব দিছে। এইটো কম গৌৰৱৰ কথা নহয়। অতি সহজ-সৰল, নম্ৰ আৰু ভদ্ৰ বিনীত কুমাৰক লৈ ভাৰতীয় ভলীবল যথেষ্ট আশাবাদী। বিনীত অসমৰ খেলুৱৈৰ বাবে সাহস আৰু প্ৰেৰণা। আশা ৰাখিছো অসমৰ ভলীবল খেলুৱৈ সকলৰ মাজত তেওঁৰ অভিজ্ঞতা সমূহ চেয়াৰ কৰাৰ লগতে সময় আৰু সুবিধা লৈ খেলুৱৈ সকলৰ লগত অনুশীলন কৰি অসমৰ খেলুৱৈ সকলে উৎসাহিত কৰিব।

Leave A Reply