Breaking

আজি কৰ্ণাটকৰ পৰা উৎক্ষেপণ কৰা হ’ব ভাৰতৰ একবিংশ শতিকাৰ পুনৰ ব্যৱহাৰযোগ্য পুষ্পক ‘বিমান’…

0 24

ভাৰতৰ একবিংশ শতিকাৰ পুষ্পক ‘বিমান’ এতিয়া উৰণৰ বাবে সাজু কৰা হৈছে। কৰ্ণাটকৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ পৰা এই বিমানৰ পৰীক্ষামূলক উৰণ সম্পন্ন কৰা হ’ব। এছইউভি আকাৰৰ ডেউকাযুক্ত এই ৰকেটটো কাইলৈ পুৱা ৭ বজাত চালাক্ৰে ৰানৱেৰ পৰা উৎক্ষেপণ কৰা হ’ব। “পুষ্পক” নামৰ, পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন (আৰএলভি)ক “স্বদেশী স্পেচ শ্বাটল” বুলিও অভিহিত কৰা হয়। এয়া হৈছে ভাৰতৰ পুনৰ ব্যৱহাৰযোগ্য ৰকেট খণ্ডত প্ৰৱেশ কৰাৰ সাহসী প্ৰয়াস। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই নিৰ্মাণ কৰা পুষ্পক আৰএলভি হৈছে বহু বছৰৰ গৱেষণাৰ সুফল। ২০১২ চনৰ জানুৱাৰী মাহতে এনে এখন পুনৰ ব্যৱহাৰ কৰিব পৰা ৰকেটৰ কথা চিন্তা কৰা হৈছিল। সেই সময়তে ইছৰোৰ পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহনৰ ডিজাইনে ৰাষ্ট্ৰীয় পৰ্যালোচনা সমিতিৰ পৰা সেউজ সংকেত লাভ কৰিছিল। ফলত ভাৰতৰ মহাকাশ গৱেষণাত এক নতুন অধ্যায়ৰ আৰম্ভনিৰ বাট মুকলি হৈছিল।

পুষ্পক আৰ.এল.ভি.-ক পুনৰ ব্যৱহাৰযোগ্য বাহন হিচাপে ডিজাইন কৰা হৈছে, যাৰ কেইবাটাও মুখ্য উপাদান যেনে এক্স-৩৩-এ উন্নত প্ৰযুক্তিৰ সমহাৰ ঘটাইছে । বিমান খনৰ এক্স-৩৪ত অত্যাধুনিক টেষ্টবেড প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। কাইলৈৰ পৰীক্ষণটো হ’ব পুষ্পকৰ জটিল পৰিস্থিতিত বিমানখনৰ ৰবটিক অৱতৰণ ক্ষমতাৰ পৰীক্ষণ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ অধ্যক্ষ এছ সোমনাথে কয় ” পুষ্পক উৎক্ষেপণ বাহনখন হৈছে ভাৰতৰ আটাইতকৈ সুলভ মহাকাশ বাহন প্ৰৱৰ্তনৰ সাহসী প্ৰয়াস। ই হৈছে ভাৰতৰ ভৱিষ্যতৰ পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন”। এি ৰকেটত ব্যৱহাৰ কৰা ব্যয়বহুল অংশ সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হ’ব। ভাৰতে মহাকাশৰ আৱৰ্জনা হ্ৰাস কৰিব বিচাৰিছে আৰু পুষ্পক সেই দিশত ও এক সবল পদক্ষেপ,” তেওঁ কয়। এক দশকধৰি নিৰ্মাণ কৰি থকা আৰএলভিয়ে ২০১৬ চনত প্ৰথমবাৰৰ বাবে শ্ৰীহৰিকোটাৰ পৰা উৰা মাৰিছিল আৰু সফলতাৰে বংগোপসাগৰৰ এটা ভাৰ্চুৱেল ৰানৱেত অৱতৰণ কৰিছিল। সেই সময়ত পৰিকল্পনা অনুসৰি ই সাগৰত ডুব গৈছিল। প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ চিত্ৰদুৰ্গা এৰোনটিকেল টেষ্ট ৰেঞ্জত ২০২৩ চনৰ ২ এপ্ৰিলত সফলতাৰে ইয়াৰ দ্বিতীয় পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। আৰএলভি-লেক্স নামৰ ডেউকাযুক্ত ৰকেটৰ নাম সন্দৰ্ভত সোমনাথে কয় যে “পুষ্পক বিমান” হৈছে ৰামায়ণত নামকৰণ কৰা ভাৰতৰ কিংবদন্তি মহাকাশযান, যাক পুষ্পক বাহন বুলি জনা যায়।

বিজ্ঞানীসকলে আৰএলভিৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ দিনে-নিশাই কাম কৰি গৈছিল। ৬.৫ মিটাৰ বিমানসদৃশ মহাকাশ বাহন খনৰ ওজন ১,৭৫ টন আৰু ইয়াক আইএএফ হেলিকপ্টাৰৰ সহায়ত উত্তোলন কৰা হ’ব। চৰকাৰে প্ৰকল্পটোত ১০০ কোটিৰো অধিক ধন বিনিয়োগ কৰিছে। উল্লেখ্য ভাৰতে ২০৩৫ চনৰ ভিতৰত নিজৰ মহাকাশ কেন্দ্ৰ – ভাৰতীয় অন্তৰীক্ষ ষ্টেচন নিৰ্মাণৰ দিশত আগবাঢ়িছে।

Leave A Reply