Breaking

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

0 58

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন খেলৰ প্ৰস্তাৱিত এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল আজি ১০ জানুৱাৰীত গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়।

এই ৰোমাঞ্চকৰ খেলখনত ভাৰতীয় দলটোৱে টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰি এক সুন্দৰ আৰম্ভণি কৰে।

প্ৰথমে টিম ইণ্ডিয়াই খেলাৰ পাছত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৩৭৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে। টিম ইণ্ডিয়াৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ১১৩ ৰান সংগ্ৰহ কৰে

। ৰোহিত শৰ্মাই ৮৩, শুমান গিলছে ৭০ আৰু কে এল ৰাহুলে ৩৯ ৰান সংগ্ৰহ কৰে।

আনহাতে শ্ৰীলংকাই শেষত খেলি ৫০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ৩০৬ ৰান কৰে। শ্ৰীলংকাৰ হৈ দাচুন চানাকাই ১০৮,পাথুম নিশাংকই ৭২ আৰু ধনঞ্জয়ে ৪৭ ৰান সংগ্ৰহ কৰে।

অৱশেষত ৬৭ ৰানৰ ব্যৱধানত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয় হয়৷

ভাৰতৰ এই জয়ত আনন্দিত দেশবাসী।

Leave A Reply