Breaking

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ ব্যস্ত সময়সূচী….

0 2,029

অক্টোবৰত টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ সময়সূচী অতি ব্যস্ত হ’বলৈ গৈ আছে। দৰাচলতে, জুন মাহত টীম ইণ্ডিয়াই দুখন খেলৰ টি-২০ শৃংখলাৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিব। এইকথা আয়াৰলেণ্ড ক্ৰিকেট বোৰ্ডে সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিছিল। ভাৰতৰ উপৰিও নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দলসমূহেও আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিব।

আই পি এল ২০২২-ৰ পিছত, টীম ইণ্ডিয়াই জুনৰ শেষ সপ্তাহত আয়াৰলেণ্ড ভ্ৰমণ কৰিব আৰু দুয়োখন টি-20 মেচ ২৬ আৰু ২৮ জুনত মালাহাইডত অনুষ্ঠিত হ’ব। শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰাৰ পিছত, ভাৰতীয় দলটোৱে এতিয়া টেষ্ট শৃংখলাৰ বাবে প্ৰস্তুতি চলাই আছে।

টীম ইণ্ডিয়াই ৪ বছৰৰ পিছত আয়াৰলেণ্ড ভ্ৰমণ কৰিব। ইয়াৰ আগতে ২০১৮ বৰ্ষত ভাৰতে ২ খন খেলৰ টি-২০ শৃংখলাৰ বাবে আয়াৰলেণ্ডলৈ গৈছিল আৰু শৃংখলাটো ২-০ত জিকিছিল। ইয়াৰ উপৰিও, ২০০৭ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আয়াৰলেণ্ড ভ্ৰমণলৈ যায় আৰু দুয়োটা দলৰ একমাত্ৰ টি-২০ খেলা হয়, যিটো ভাৰতীয় দলে ৯ উইকেটত জিকিছিল।

ভাৰতৰ বি দলটো আয়াৰলেণ্ডলৈ যাব নেকি? আয়াৰলেণ্ড ভ্ৰমণলৈ যোৱাৰ আগতে দক্ষিণ আফ্ৰিকাই ৫ খন খেলৰ টি-20 শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব। এই শৃংখলাৰ সকলো বোৰ খেল ৯ জুনৰ পৰা ১৫ জুনৰ ভিতৰত খেলা হ’ব। যিহেতু আয়াৰলেণ্ডৰ পিছত, ভাৰতে ইংলেণ্ড ভ্ৰমণলৈ যাব লাগিব, টীম ইণ্ডিয়াৰ বহুতো তাৰকা খেলুৱৈয়েও আয়াৰলেণ্ড শৃংখলাৰ বাবে বিশ্ৰাম ল’ব পাৰে।

Leave A Reply