Breaking

ভাৰতৰ অৰ্থনীতি দ্ৰুত গতিত, দেশখনে আন্তঃগাঁথনিৰ সুবিধাৰ বাবে আমেৰিকা আৰু ইউৰোপতকৈ দুগুণ ব্যয় কৰিছে…

0 49

ভাৰতৰ অৰ্থনীতি দ্ৰুত গতিত, দেশখনে আন্তঃগাঁথনিৰ সুবিধাৰ বাবে আমেৰিকা আৰু ইউৰোপতকৈ দুগুণ ব্যয় কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে আন্তঃগাঁথনি খণ্ডৰ বাবে মূলধন আবণ্টন ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ১২২ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিছে। প্ৰতিষ্ঠিত আলোচনী দ্য ইকনমিষ্টেও চৰকাৰৰ এই লক্ষ্যক প্ৰশংসা কৰি লিখিছে যে ইয়াৰ দ্বাৰা ভাৰতে পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাটো সহজ হ’ব।তথ্য অনুসৰি অহা বছৰৰ বাজেটত ভাৰতে জিডিপিৰ ১.৭ শতাংশ পৰিবহণ আন্তঃগাঁথনিৰ সুবিধাৰ বাবে ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই সংখ্যা আমেৰিকা আৰু ইউৰোপৰ বেছিভাগ দেশৰ তুলনাত প্ৰায় দুগুণ। ভাৰতীয় অৰ্থনীতি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। সমগ্ৰ বিশ্বতে মন্দাৱস্থাৰ সময়তো ভাৰতৰ অৰ্থনীতিৰ প্ৰদৰ্শন উৎকৃষ্ট হৈয়েই থাকে। তথ্য অনুসৰি ভাৰতীয় অৰ্থনীতিৰ আকাৰ ৩.৫ ট্ৰিলিয়ন ডলাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে আন্তঃগাঁথনি খণ্ডৰ বাবে মূলধন আবণ্টন ১২২ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিছে, যাৰ ফলত বিশ্বৰ মন্দাৱস্থাৰ মাজতো কৰ্মসংস্থাপন বৃদ্ধি পাব বুলি আশা কৰা হৈছে। নৰেন্দ্ৰ মোডী চৰকাৰে ৰে’লৱেৰ আন্তঃগাঁথনি, উদ্ভাৱন আৰু উন্নয়নৰ বাবে ২.৪ লাখ কোটি টকা আবণ্টন দিছে, যিটো ২০১৩-১৪ বিত্তীয় বৰ্ষত আবণ্টিত ধনৰ ৯ গুণ। ইয়াৰ উপৰিও পথৰ বাবে আবণ্টন ৩৬ শতাংশ বৃদ্ধি কৰি ২.৭ লাখ কোটি টকা হৈছে। যোৱা আঠ বছৰত পঞ্চাশ হাজাৰ কিলোমিটাৰ নতুন ঘাইপথ নিৰ্মাণ কৰা হৈছে।

২০২৩ চনত গ্ৰাম্য পথৰ দৈৰ্ঘ্য সাত লাখ উনবিশ হাজাৰ কিলোমিটাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০১৪ চনত এই সংখ্যা আছিল তিনি লাখ একাশী হাজাৰ কিলোমিটাৰ। একে সময়ছোৱাত বিমানবন্দৰৰ সংখ্যা ৭০ৰ পৰা ১৪৮টালৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ ভিতৰত মোডী চৰকাৰে বিমানবন্দৰৰ সংখ্যা ২০০ লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ইকনমিষ্টে গ্ৰাফিক্সত কিছুমান পৰিসংখ্যা দেখুৱাইছে যিবোৰ ভাৰতৰ উন্নয়নৰ কাহিনী বুজাবলৈ যথেষ্ট।


Leave A Reply