Breaking

১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব ভাৰতৰ প্রথমটো অলিম্পিক দল

0 1,033

টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতৰ বৃহৎ দল এটাই অংশগ্রহণ কৰিব৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ ৯০জনীয়া দল এটা অহা ১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব বুলি ভাৰতীয় অলিম্পিক সংস্থাৰ এজন বিষয়ববীয়াই সদৰী কৰিছে৷ খেলুৱৈৰ লগতে ছাপ’ট ষ্টাফৰ সদস্যসকলে এয়াৰ ইণ্ডিয়াৰ চার্টার্ড বিমানেৰে টকিঅ’লৈ ৰাওনা হ’ব৷ প্রথম অৱস্থাত এই দলটো ১৪ জুলাইত টকি’লৈ ৰাওনা হোৱাৰ কথা আছিল যদি ওটকিঅ’ অলিম্পিকৰ আয়োজকে ভাৰতৰ দলটো প্রেৰণত বাধা আৰোপ কৰিছিল৷ টকিঅ’ত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় দলটোৰ খেলুৱৈ আৰু ছাপ’ট ষ্টাফসকলে অতিকমেও তিনি দিন কোৱাৰেণ্টাইনত থাকিব লাগিব৷

Leave A Reply