Breaking

আগ্রাসী বেইজিঙক ৰুধিবলৈ ভাৰতৰ ঐতিহাসিক পদক্ষেপ : চীন সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা

0 1,541

সীমান্তত আগ্রাসী ৰূপ লৈ দেশৰ সার্বভৌমত্বৰ প্রতি সঘনাই ভাবুকি সৃষ্টি কৰি থকা চীনক ৰুধিবলৈ অভূতপূর্ব ৰণকৌশল গ্রহণ কৰিছে ভাৰতে৷ জম্মু–কাশ্মীৰৰ গালৱান উপত্যকা আৰু লাডাখৰ পূব প্রান্তত চীন–ভাৰতৰ সেনাৰ মাজত সংঘাতসৃষ্ট উত্তেজনাৰ বাবেই সীমান্তত পূর্বতকৈ অধিক সক্রিয় হৈছে ভাৰতীয় সেনা৷ পাৰমাণৱিক শক্তিসম্পন্ন দেশ দুখনৰ মাজত দশক দশক ধৰি চলি থকা সীমা বিবাদৰ বাবেই সীমান্তত চলা উত্তেজনাৰ পৰিপ্রেক্ষিতত সেনাৰ মোতায়েন বৃদ্ধি কৰিছে নতুন দিল্লীয়ে৷ ব্লুমবার্গে প্রকাশ কৰা প্রতিবেদন মতে ভাৰতে ঐতিহাসিক পদক্ষেপ লৈ চীনৰ সৈতে থকা সীমান্তত অতিৰিক্ত ৫০ হাজাৰ সেনা মোতায়েন কৰিছে৷ ২০২০ৰ তুলনাত সীমান্তত ৪০ শতাংশ বৃদ্ধিৰে ভাৰতে দুই লাখতকৈ অধিক সেনা মোতায়েন কৰি চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে৷

লাডাখৰ পৰা উত্তৰ–পূবৰ অৰুণাচললৈকে সীমান্তত দুই লাখতকৈ অধিক সেনা জোৱান মোতায়েন কৰাৰ লগতে অত্যাধুনিক অস্ত্র–শস্ত্রসহ সষ্টম হৈ আছে সেনা৷ চীনে কৌশলেৰে ভাৰতৰ সৈতে থকা সীমান্তৰ সমীপৰ আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি কৰি থকাৰ পৰিপ্রেক্ষিততে নতুন দিল্লীয়েও বেইজিঙক প্রতিহত কৰিবলৈ সেনাৰ লগতে আন্তঃগাঁথনিও উন্নয়ন কৰি আছে৷ ৰঙা চীনৰ যিকোনো দুঃসাহসিক অভিযানক প্রত্যাহ্বান জনাবলৈ সেনাই অধিকসংখ্যক হেলিকপ্ঢাৰ ব্যৱহাৰ কৰি কাশ্মীৰ উপত্যকাৰ পৰা সেনা জোৱান কঢ়িয়াই হিমালয়ৰ দুর্গম উচ্চতাত মোতায়েন কৰিছে৷ এই সেনাসকলৰ হাতত অত্যাধুনিক অস্ত্র–শস্ত্র বিশেষকৈ এম–৭৭৭ হাউটজাৰ দিয়া হৈছে৷

প্রতিবেদন মতে চীনে সীমান্তৰ সমীপত নতুন নতুন পথ, বোমা প্রতিৰোধী বাংকাৰ, যুদ্ধবিমান আৰু নতুন বিমান ঘাটি বিশেষকৈ বিবদমান তিব্বতৰ সীমান্তত সাজু কৰিছে৷ চীনৰ এই আগ্রাসনৰ প্রতি লক্ষ্য ৰাখিয়েই নতুন দিল্লীয়েও সীমান্তত আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে অতিৰিক্তকৈ সেনা জোৱান মোতায়েন কৰিছে৷ সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰাৰ সমান্তৰালকৈ সীমান্তৰ সমীপত থকা বিমান ঘাটিত অত্যাধুনিক ৰাফেল যুঁজাৰু বিমানৰ লগতে অত্যাধুনিক অস্ত্র–শস্ত্র মজুত ৰাখিছে৷ আনকি চীনৰ ভাবুকিৰ প্রতি লক্ষ্য ৰাখিয়েই ভাৰতীয় নৌবাহিনীয়ে যুদ্ধ জাহাজো মোতায়েন কৰিছে৷ ব্লুমবার্গৰ প্রতিবেদনত ভাৰতে সেনা জোৱান বৃদ্ধি কৰা বুলি স্পষ্টকৈ উল্লেখ কৰাৰ বিপৰীতে চীনৰ কিমান সেনা আছে, সেই সন্দর্ভত তথ্য প্রকাশ কৰা হোৱা নাই৷
লাডাখত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, ভার্চুৱেল মাধ্যমত মুকলি কৰিলে উত্তৰাখণ্ডৰ চীন সীমান্তত তিনিখন গুৰুত্বপূর্ণ দলং
কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে সোমবাৰে লাডাখত উপস্থিত হৈ সেনাবাহিনীৰ পৰা সীমান্তৰ পৰিস্থিতিৰ বুজ লয়৷ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্রখনৰ যিকোনো প্রত্যাহ্বানক মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা সাজু হৈ থকা বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে, লাডাখৰ পৰাই ভার্চুৱেলযোগে ভাৰত–চীন সীমান্তৰ সমীপত উত্তৰাখণ্ডত তিনিখন দলং মুকলি কৰে৷ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচন চমুকৈ বি আৰ অ’ই নির্মাণ কৰি উলিওৱা টাৱাঘাট, কিৰকুটিয়া আৰু জৌলজিবিত আছে৷ কৌশলগতভাৱে ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূর্ণ৷ উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পৰা প্রায় ৪৭০ কিলোমিটাৰ নিলগৰ পিথৰাগড় জিলাৰ ধাৰছুলা মহকুমাত নির্মাণ কৰা হৈছে এই তিনিখন দলং৷ দলং তিনিখনৰ দৈর্ঘ্য হৈছে ১৪০, ১৮০ আৰু ১৪০ ফুট৷ বি আৰ অ’ৰ ৭৬৫ ট্রাস্ক ফ’ৰ্চ আৰু ১৪৪৭ ব্রিজ কনষ্ট্রাকচন কোম্পানীয়ে যুটীয়াভাৱে এই দলংকেইখন নির্মাণ কৰিছে৷ দুর্গম অঞ্চলত নির্মাণ কৰা এই দলংকেইখনৰ সামগ্রী হেলিকপ্ঢাৰযোগে কঢ়িয়াই নি প্রতিকূল বতৰক নেওচি বি আৰ অ’ৰ বিষয়া আৰু শ্রমিকসকলে নির্মাণ কৰি উলিয়াইছে৷

Leave A Reply