Breaking

চনু সুদ নামেৰে নামকৰণ কৰা হৈছে ভাৰতৰ সৰ্ববৃহৎ ফুড প্লেটখন ! চাওক ফটো…

0 120

হিন্দী চিনেমাৰ বিখ্যাত অভিনেতা চনু সুদ প্ৰতিদিনে চৰ্চাত আছে। বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ ফুড প্লেট সন্দৰ্ভত চুনু সুদৰ নাম লাইমলাইত আছে। ছবিৰ সমান্তৰালকৈ চুনু সুদে নিজৰ উদাৰতাৰে অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে, যাৰ বাবেই সততে চুনু সুদৰ নাম শিৰোনামত থাকে। শেহতীয়াকৈ চুনুৰ ছবি চৰ্চালৈ আহিছে, য’ত কোৱা হৈছে যে ভাৰতৰ আটাইতকৈ ডাঙৰ ডিনাৰ প্লেটৰ নামো চুনু সুদৰ নামেৰে ৰখা হৈছে। ইয়াৰ বাবেই চুনুৰ নামটো আকৌ এবাৰ চৰ্চাত আহিছে।

কৰ’না মহামাৰীৰ সময়ৰ পৰা এতিয়ালৈকে আৰ্তজনক সহায় কৰাৰ বাবেও চনু সুদে প্ৰতিদিনে লাইমলাইটৰ অংশ হৈ পৰে। যাৰ বাবে বহুবাৰ চনুক বিভিন্ন ধৰণে সন্মান জনোৱা হয়। ইফালে, চনুৰ নামেৰে এখন ডাঙৰ ফুড প্লেট নামাকৰণ কৰি অভিনেতাগৰাকীক বিশেষ সন্মান প্ৰদান কৰা হৈছে। যাৰ তথ্য চনু সুদে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে শেহতীয়া ছবি।

এই ফটোবোৰত দেখিবলৈ পোৱা গৈছে যে চনু সুদক বিৰিয়ানীৰে ভৰা এখন বিশাল প্লেটৰ ওচৰত থিয় হৈ পোজ দিয়া দেখা গৈছে। এই ছবিবোৰৰ কেপচনত চনু সুদে লিখিছে যে- ভাৰতৰ আটাইতকৈ ডাঙৰ খাদ্যৰ প্লেটখন এতিয়া মোৰ নামেৰে নামাকৰণ কৰা হৈছে চনু সুদ।

আচলতে চনু সুদৰ নামত ভাৰতৰ আটাইতকৈ ডাঙৰ ফুড প্লেটৰ সন্মান দিছে জিছমত গেলমণ্ডীয়ে। চনু সুদেও এই ছবিসমূহৰ সৈতে নিজৰ তথ্য শ্বেয়াৰ কৰিছে। কৰ’ণা কালত চনু সুদে যিদৰে মানুহক সহায় কৰি আহিছে, সেইদৰে চনু সুদৰ নামটো এক সুকীয়া পৰিচয়ৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। বহুতে চনু সুদকো ৰিয়েল হিৰো নামেৰে মাতে।


Leave A Reply