Breaking

আকাশ-সাগৰত ভাৰতৰ শক্তি বাঢ়িব! ফ্ৰান্সৰ সৈতে একেলগে হ’ব ডাঙৰ কাম…

0 38

ভাৰত আৰু ফ্ৰান্সৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৩৬ সংখ্যক কৌশলগত আলোচনাক প্ৰতিনিধিত্ব কৰিবলৈ ভাৰতত উপস্থিত হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা ইমানুৱেল বন। ইয়াত এন এছ এ অজিত ডোভালে ভাৰতৰ নেতৃত্ব দিব। আলোচনাত দুয়োপক্ষই দ্বিপাক্ষিক আৰু বিশ্বব্যাপী বিস্তৃত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।

উচ্চ পৰ্যায়ৰ কৌশলগত আলোচনাত মেক ইন ইণ্ডিয়া অভিযানৰ অধীনত বিমানৰ ইঞ্জিন আৰু দীৰ্ঘ দূৰত্বৰ ছাবমেৰিন নিৰ্মাণৰ ক্ষেত্ৰত ফ্ৰান্সক মুখ্য অংশীদাৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকো সাক্ষাৎ কৰিব বনে।

যোৱা কিছু বছৰত চীনৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পিছত ভাৰতৰ বাবে নিৰাপত্তাৰ দিশত শক্তিশালী হৈ থকাটো অতি প্ৰয়োজনীয়। ৰাছিয়াই ভাৰতক অস্ত্ৰৰ সৰ্বাধিক যোগান ধৰা দেশ আছিল যদিও বৰ্তমান ইউক্ৰেইনৰ সৈতে যুদ্ধত জড়িত হৈ পৰিছে ৰাছিয়া। এই কাৰণেই মোডী চৰকাৰে মেক ইন ইণ্ডিয়াৰ অধীনত অস্ত্ৰৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে দ্ৰুতগতিত কাম কৰি আছে। এই ক্ষেত্ৰত ফ্ৰান্স ভাৰতৰ প্ৰধান অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।


ভাৰতত বিমানৰ ইঞ্জিন বনাবলৈ প্ৰযুক্তি হস্তান্তৰৰ প্ৰয়োজন যাতে থলুৱাভাৱে নিৰ্মিত টুইন ইঞ্জিন যুদ্ধ বিমানক অধিক শক্তিশালী কৰি তুলিব পৰা যায়। ভাৰতে ভৱিষ্যতৰ যুদ্ধ আৰু পৰিবহণৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ উচ্চমানৰ সামৰিক আৰু অসামৰিক ইঞ্জিন নিৰ্মাণৰ পৰিকল্পনাও কৰিছে। এয়াৰবাছৰ সৈতে টাটা গ্ৰুপৰ সংযোগে এই উদ্দেশ্যক আগুৱাই লৈ যায়। C295 বিমান নিৰ্মাণৰ বাবে গুজৰাটৰ বাডোদৰাত টাটাই এয়াৰবাছৰ প্লাণ্ট আৰম্ভ কৰিছে।

এইবাৰ ভাৰতে ফ্ৰান্সত বিকশিত কৰা কালভাৰী শ্ৰেণীৰ অন্তিমখন চাবমেৰিন লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ ভাৰতে মুম্বাইত ডিজেল চালিত চাবমেৰিন নিৰ্মাণৰ বাবেও ফ্ৰান্সৰ ফালে দৃষ্টি ৰাখিছে।

এই বছৰ ফ্ৰান্সৰ সৈতে দুটা বিমানৰ ইঞ্জিন আৰু দীৰ্ঘ দূৰত্বৰ চাবমেৰিনৰ ক্ষেত্ৰত আৰু অধিক অগ্ৰগতিৰ সম্ভাৱনা আছে। দুয়োখন কৌশলগত মিত্ৰশক্তিয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিষয়ে আলোচনা কৰিব। সাগৰৰ তলৰ মেপিং আৰু পানীৰ তলৰ ড্ৰ’ন আৰু চেন্সৰত ভাৰতক সহায় কৰিবলৈ সাজু ফ্ৰান্স।

Leave A Reply