Breaking

১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…

0 13

১৪ বছৰত ভাৰতৰ সেৱা খণ্ডই আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ দেখুৱাইছে: সমীক্ষাৰ তথ্য
নতুন দিল্লী ।ভাৰতৰ সেৱা খণ্ডই ১৪ টা বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ দেখুৱাইছে৷ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ বাবে দেশৰ সেৱা খণ্ডৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ এইচএছবিচিৰ এক জৰীপত ভাৰতৰ কোৱা হৈছে যে আগষ্ট ২০২১-ৰ পৰা সেৱা খণ্ডটো ধাৰাবাহিকভাৱে বিকাশৰ পথত দ্ৰুত গতিত আগবাঢ়িছে৷

সমীক্ষাত দেখুৱাইছে যে এপ্ৰিলত এই বিকাশৰ হাৰ কিছু পৰিমাণে হ্ৰাস হৈছিল ৫৮.৮ শতাংশ হৈছিল৷ উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰত মাৰ্চ মাহত আঠ মাহৰ সৰ্বোচ্চ ৬১.৮ হৈছিল।

এইচএছবিচিৰ মুখ্য অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় ” ভাৰতৰ সেৱা খণ্ড এপ্ৰিল মাহত অলপ লেহেম গতিত বিকশিত হৈছিল৷ কিন্তু সামগ্ৰীকভাবে এই বৃদ্ধি ভাল,”। বিত্ত আৰু বীমাৰ ব্যৱসায়ে ‘তীব্ৰ’ বিকাশৰ ধাৰা প্ৰকট কৰা বুলিও তেওঁ কয়৷

Leave A Reply