Breaking

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী

0 99

বিশ্বনাথ জিলাৰ ইটাখোলাতলৰ সমীপৰ ইন্দিৰা গান্দী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মজলীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় । বিভিন্ন প্ৰকল্প নিৰ্মানৰ কৰ্মশালা ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ভানু বৰা আৰু প্ৰণতি গগৈৰ নেতৃত্বত ষষ্ঠমান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীক এই কৰ্মশালাৰ প্ৰশিক্ষণ দিয়া হয়।মূলত পেলনীয়া বিভিন্ন সামগ্ৰীৰ দ্বাৰা কেনেকৈ বিভিন্ন সামগ্ৰী বা প্ৰাকৃতিক দৃশ্য তৈয়াৰ কৰিব পাৰি বা কেনেকৈ আমাৰ প্ৰাকৃতিক পৰিবেশ সুন্দৰ কৰি ৰাখিব পাৰি তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক উক্ত কৰ্মশালাৰ জৰিয়তে ধাৰণা দিয়া হৈছে বুলি আয়োজন কৰা হয় বুলি মন্তৱ্য কৰে তত্বাবধায়ক শিক্ষয়ত্ৰী ভানুবৰাই ৷

উল্লেখ্য যে অহা মে’ মাহত অৱসৰ গ্ৰহণ কৰিবলগা কৃতি শিক্ষক বঁ‌টা প্ৰাপক বিদ্যালয়খনৰ প্ৰধান শিক্ষক টংক কুৰ্মীৰ পৰিচালনাত অঞ্চলটোত এটি অগ্ৰনী শিক্ষানুষ্ঠান হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইপিনে নদুৱাৰ শিক্ষাখণ্ডৰ পিচপৰা অঞ্চলৰ মজলীয়া শিক্ষানুষ্ঠাটিত নিয়মানুৱৰ্তীতা আৰু নিষ্ঠাবান প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি অহা আৰু ২৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত মুঠ ১০ গৰাকী শিক্ষক-শিক্ষিত্ৰীয়ে পাঠ দান কাৰ্য চলাই বিগত দিনত কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বৃত্তি পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও প্ৰধান শিক্ষক গৰাকীৰ লগতে সহকাৰী শিক্ষক সকলেও ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বাস্তৱ সন্মত সহ বিদ্যায়তনিক শিক্ষা প্ৰদান কৰাক লৈ অঞ্চলটোৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ কথা জানিব পৰা গৈছে।

Leave A Reply