Indus Water Treaty: নিৰ্জলা হৈ পৰিছে পাকিস্তানঃ সিন্ধু জল চুক্তিৰ বিষয়ত ভাৰতৰে আলোচনাৰ আগ্ৰহ প্ৰকাশ

পেহেলগামত পাক সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ(Indus Water Treaty) প্ৰতিশোধ ল’বলৈ ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷ ভাৰতক এশিকনি দিবলৈ পাকিস্তানেও চলাইছিল আক্ৰমণ৷ ইয়াৰ পিছতে ভাৰতে বন্ধ কৰি দিছিল সিন্ধু নদীৰ পানী৷ ফলত নিৰ্জলা হৈ পৰাৰ উপক্ৰম ঘটিছে পাকিস্তানৰ৷ পাকিস্তানক শাস্তি দিয়াৰ উদ্দেশ্যে ভাৰত ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল৷ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কিছু সপ্তাহৰ পিছত পাকিস্তানে ভাৰতৰ সৈতে এই সন্ধিৰ বিষয়ে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷ এক বিশেষ সূত্ৰই এই তথ্য প্ৰদান কৰিছে৷ সূত্ৰ অনুসৰি, পাকিস্তানৰ জলসম্পদ সচিব চৈয়দ আলী মুৰ্তাজাই এই সন্ধি স্থগিত ৰখাৰ সন্দৰ্ভত ভাৰত চৰকাৰে দিয়া আনুষ্ঠানিক অধিসূচনাৰ প্ৰতি সঁহাৰি জনাইছে ৷

ভাৰতীয় জলসম্পদ সচিব দেৱাশ্ৰী মুখাৰ্জীলৈ লিখা এখন পত্ৰত তেওঁ নতুন দিল্লীয়ে উত্থাপন কৰা নিৰ্দিষ্ট আপত্তিসমূহৰ বিষয়ে আলোচনা কৰিবলৈ নিজৰ চৰকাৰৰ প্ৰস্তুতি প্ৰকাশ কৰে৷ ভাৰতৰ এই পদক্ষেপৰ আইনী দিশৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে সন্ধিখনত কোনো এক্সিট ক্ল’জ নাই ৷ অৱশ্যে ভাৰত চৰকাৰ এতিয়াও নিজৰ সিদ্ধান্তত দৃঢ় হৈ আছে৷ যোগাযোগ কৰাত জল শক্তি মন্ত্ৰণালয়ৰ বিষয়াসকলে এই উন্নয়ন সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে যদিও চৰকাৰী সূত্ৰই ইংগিত দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত ভাৰতৰ স্থিতি সলনি হোৱাৰ সম্ভাৱনা নাই৷ সূত্ৰসমূহে পুনৰ কয় যে জম্মু-কাশ্মীৰক লক্ষ্য কৰি সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ অব্যাহত থকাৰ বাবেই এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ৷

ইয়াৰ পূৰ্বে ২৪ এপ্ৰিলৰ এখন পত্ৰযোগে মুখাৰ্জীয়ে মুৰ্তাজাক জনাইছিল যে সন্ধিৰ অধীনত পৰিকল্পনা কৰা আলোচনাত পাকিস্তানে অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা অব্যাহত ৰখাটো সন্ধি উলংঘা কৰা হৈছে৷ উল্লেখ্য যে, পাকিস্তানে পত্ৰখনত নিয়ন্ত্ৰিত পানীৰ ওপৰত লাখ লাখ লোকৰ নিৰ্ভৰশীলতাৰ বাবে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ৩ান হিচাপে বৰ্ণনা কৰা হৈছে – ভাৰতে চেনাব নদীৰ বাগলীহাৰ আৰু ছালাল জলবিদু্যৎ প্ৰকল্পত ফ্লাছিং আৰু ডিচিলটিং অভিযান চলোৱাৰ পিছত৷ ইয়াৰ পূৰ্বে ২০২৩ চনৰ জানুৱাৰী আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতে পাকিস্তানক জাননী জাৰি কৰিছিল৷ বিশ্ব বেংকৰ দালালিত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু নদী আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ বিতৰণ আৰু ব্যৱহাৰৰ ব্যৱস্থা ১৯৬০ চনৰ পৰা চলি আহিছে৷

Related Articles