Breaking

ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগ; গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পত ফল-মূলৰ গছপুলি ৰোপণ

0 313

১৪ ছেপ্টেম্বৰত গৰুখঁটি বহুমুখী কৃষি প্ৰকল্পত কৃষি প্ৰকল্পত পক্ষীবিদ নগেন চন্দ্ৰ শৰ্মাই। উক্ত সভাত প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া উদ্দীপ্ত শৰ্মা আৰু কৃষি বিষয়া সতীশ চন্দ্ৰ ডেকাৰ লগতে সাংবাদিক শৈলেন কাকতিৰ বৈদ্যুতিন মাধ্যমৰ নিউজ লাইফ, এন কে টিভি, প্ৰতিদিন টাইম, প্ৰাগ নিউজ আদিৰ সাংবাদিকসকল উপস্থিত থাকে। সভাত ফল-মূলৰ গছপুলি ৰোপন সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় আৰু প্ৰকল্পৰ বিষয়ববীয়াৰ লগতে কৰ্মচাৰী সকলোকো পক্ষী সুৰক্ষাৰ সন্মানীয় সদস্য হ’ল বুলি ঘোষণা কৰা হয়। প্ৰকল্পৰ স্বাস্থ্য বিষয়া ডাঃ যোগব্ৰত নাথ উপস্থিত থাকিব পৰা নাই যদিও তেখেতৰ স্বাভিমানী সৌজন্যবোধে উপস্থিত সকলোকে সন্মোহিত কৰে। সভাৰ শেষত এটি নাৰিকলৰ পুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মাই।

তাৰ পিছত একাধিকক্ৰমে ফুলেশ্বৰ বসুমতাৰী, নগেন শৰ্মা, প্ৰমিলা ডেকা, হেমলতা মেধি, ৰুমী দেৱী, ড০ খৈয়ামুদ্দিন আহমেদ, অমূল্য কুমাৰ দাস, উজ্বল শৰ্মা, লাইলা বেগম, জয়া গোস্বামী, মিতালী দেৱী, পম্পা শৰ্মা, ধ্ৰু¸ৱজ্যোতি শৰ্মা, পৰাশৰ কাশ্যপ, উদ্দীপ্ত পৰাশৰ, সাংবাদিক শৈলেন কাকতি, শৰৎ চন্দ্ৰ নাথ, দেবেন চন্দ্ৰ নাথ, গোবিন্দ চন্দ্ৰ নাথ, ভুৱন চন্দ্ৰ নাথ প্ৰভৃতিয়ে আম, জাম, কঠাল, মধুৰী, আম, আমলখি, জলপাই, থাইলেণ্ডৰ বগৰী, ড্ৰেগন ফ্ৰুটছ, (শৈলেন কাকতি) ঔ টেঙা, কৰদৈ, বেল, ডালিম, খেজুৰ, আঁহত, জৰি, ভৈৰা, বকুল, থেকেৰা টেঙা, তেজপাত, কদম,যজ্ঞডিমৰু, শিমলু প্ৰভৃতি ৫৫১ টা গছপুলি ৰোগনকৰা হয়। স্মৰ্তব্য যে উপ-সভাপতি নগেন শৰ্মাই ১৮৫ টা পুলি, দিবাকৰ বসুমতাৰী ৫টা নাৰিকল পুলি, হেমলতা মেধি ৫টা আমৰ পুলি, কমলা দেৱী ৫টা বেলৰ পুলিৰ উপৰি বিভিন্ন গছৰ গুটি বিতৰণ কৰি আহে। ৰোপন কৰি অহা গছপুলি আৰু গছৰ গুটিৰ সংৰক্ষণৰ দায়িত্ব প্ৰকল্পৰ বিষয়ববীয়াক অৰ্পণ কৰা হয়। এই সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে সম্পাদক উজ্জ্বল শৰ্মাই আৰু শলাগ জ্ঞাপন কৰে উপ-সভাপতি নগেন চন্দ্ৰ শৰ্মাই।

Leave A Reply