Breaking

মিৰ্জাৰ লোহাৰঘাটত লকডাউনৰ সময়ছোৱাত যুৱকৰ অভিনৱ সৃষ্টি

0 182

নামখলা

অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাট মহমাৰাং গাঁৱৰ ধীৰেন ৰাভাৰ পুত্ৰ ৰূপজ্যোতি ৰাভাৰ হাতৰ পৰশত গছৰ পাতত প্ৰাণ পাই উঠিছে কেইজনমান বৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি। লকডাউনৰ সমযছোৱাত ঘৰতে আবদ্ধ থাকি ৰূপজ্যোতি ৰাভাই আঁহত গছৰ পাতত সৃষ্টি কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু প্ৰসাদ ৰাভা, মামণি ৰয়ছম গোস্বামী, শংকৰদেৱ, ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে মহান শিল্পীসকলৰ প্ৰতিচ্ছবি। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰা তথা হাইস্কুল টেট উৰ্ত্তীণ ৰূপজ্যোতি ৰাভাই আঁহত গছৰ পাতত প্ৰথমে কলমেৰে আকি পিছলৈ ব্লেডেৰে কাটি কাটি সৃষ্টি কৰিছে এনেদৰে বৰেণ্য শিল্পীসকলক। এনে প্ৰতিচ্ছবিবোৰ অংকন কৰিবলৈ হ’লে আঁহত গছৰ পাত বেছি সুবিধাজনক বুলি জানিবলৈ দিয়ে৷ আনহাতে ৰূপজ্যোতি ৰভাই সময় পালেই গছৰ তলত বহি নিৰিবিলি প্ৰাকৃতিক পৰিবেশত অংকন কৰে৷

Leave A Reply