Breaking

উত্তৰ পুৰুষৰ মঞ্চৰ তিনি মহিলালৈ প্ৰথম খবৰৰ “প্ৰেৰণা বঁ‌টা”

0 1,040

নিজ নিজ ক্ষেত্ৰত বিশেষ ভাবে নিজক প্ৰতিষ্ঠা কৰা তিনিগৰাকী মহিলা ক্ৰমে উত্তৰ পুৰুষৰ মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ড°অনিমা বৰা, বিশিষ্টা লেখিকা ড°মৰমী বৰঠাকুৰ তালুকদাৰ ,নিয়মীয়া বাৰ্তা কাকতৰ উপসম্পাদক,লেখিকা ড°গীতালি শইকীয়া আৰু সমাজ সেৱিকা তথা লেখিকা ড°আইলুং লাহন বৰাক প্ৰথম খবৰৰ এখন সম্বৰ্ধনা অনুষ্ঠানত “প্ৰেৰণা বঁ‌টা”ৰে আজি সন্মানিত কৰা হয়।

উল্লেখযোগ্য যে গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাগৃহত অসমৰ ১০০ গৰাকী বিশিষ্টা মহিলাক প্ৰেৰণা বঁ‌টাৰে সন্মান জনোৱা হৈছে।আনহাতে এই সভাতে বিশিষ্টা লেখিকা মামণি ডেকা আৰু সমাজ সেৱিকা ৰেণু দেৱীক প্ৰেৰণা বঁ‌টাৰে সন্মানিত কৰে।

Leave A Reply