Breaking

সাপেখাতীত সতী ৰাধিকা স্মৃতি চাৰণ অনুষ্ঠানৰ লাই খুঁটা স্থাপন…

0 68

ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীত আধ্যাত্মিক জাগৰণ সমাজ সাপেখাতীৰ উদ্যোগত চৰাইদেউ জিলা ভিত্তিত গুদাম চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে সতী ৰাধিকা স্মৃতি চাৰণ অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লোৱাৰ উদ্দেশ্যে আজি লাই খুটা স্থাপন কৰে ।

দুদিনীয়া কৈ অনুষ্ঠিত কৰিবলৈ লোৱা অনুষ্ঠানত ১৭ ডিচেম্বৰত অনুষ্ঠানৰ লগত সংগতি ৰাখি সতী ৰাধিকা নাট খনি সন্ধ্যা ৮ বজাত শুভ উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী বর্ষা ৰাণী বিষয়াই ।


১৮ ডিচেম্বৰত দিনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ ,চিত্ৰাংকন ,ৰচনা ,আকস্মিক বক্তৃতা আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হব । গণ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ গীতেৰে সাংস্কৃতিক সন্ধিয়াটি অনুষ্ঠানটি জীপাল হৈ উঠিব ।

হৈছে উদ্যোগতা সমিতিয়ে সকলো ৰাইজক অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছে ।

Leave A Reply