ৰে’লৰ টিকটত মাত্ৰ ৩৫ পইচাৰ বীমা কৰিলে বিপদত পোৱা যায় ক্ষতিপূৰণ…

বিপদ কেতিয়া, কিদৰে আহে কোনেও ক’ব নোৱাৰে৷ সোমবাৰে পুৱা ৮.৫৫ বজাত পশ্চিমবংগৰ ৰঙাপানীত হোৱা ৰে’ল দুৰ্ঘটনাত ৯ গৰাকী লোকৰ মৃত্যু ঘটিছে৷ ৰে’ল যাত্ৰীসকলে বিচাৰিলে টিকট কটাৰ সময়ত বীমাৰ সুবিধাও লাভ কৰিব। ৰে’লৰ টিকটত বীমাৰ সুবিধা লাভ কৰিবলৈ প্ৰতি খন টিকটত খৰচ কৰিব লাগিব মাত্ৰ ৩৫ পইচা। যদি দুৰ্ভাগ্যবশতঃ ৰে’লখন দুৰ্ঘটনাত পতিত হয়, যাত্ৰী বা তেওঁৰ পৰিয়ালে মৃত্যু বা আঘাতৰ বাবে সেই বীমাৰ পৰাই ক্ষতিপূৰণ লাভ কৰিব। কিন্তু মনত ৰাখিব যে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ ক্ষেত্ৰত ৰে’ল কাউণ্টাৰৰ পৰা কটা টিকটবোৰত এই বীমাৰ সুবিধা পোৱা নাযায়। এই সুবিধাটো আইআৰচিটিচিয়ে তেতিয়াহে আগবঢ়াব যদিহে কোনোবাই অনলাইন টিকট ক্ৰয় কৰে।

অনলাইনত টিকট কটা যাত্ৰীসকলে পৰিশোধ কৰিব লগা ৩৫ পইচাৰ ভিতৰত সকলো কৰ অন্তৰ্ভুক্ত থাকে। অৱশ্যে এই বীমা বাধ্যতামূলক নহয়। এজন যাত্ৰীয়ে বিচাৰিলেহে এই সুবিধা লাভ কৰিব। অনলাইনত ৰে’লৰ টিকট ক্ৰয় কৰাৰ সময়ত বীমাৰ বাবে থকা এটা নিৰ্দিষ্ট বুটামত আপুনি “ক্লিক” কৰিব লাগিব। যদি একে সময়তে এটাতকৈ অধিক টিকট কটা হয়, তেন্তে বাকী যাত্ৰীসকলে কেৱল এটা টিকট নিশ্চিত হ’লেই বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। টিকট ক্ৰয় কৰাৰ পিছত আই.আৰ.চি.টি.চি.-য়ে যাত্ৰীসকলক অনলাইনত দিয়া ম’বাইল নম্বৰত বীমা সম্পৰ্কীয় তথ্যৰ বিষয়ে জনায়।

ৰে’লৰ টিকটত বীমা কৰিলে কি লাভ হ’ব পাৰে? উত্তৰটো হৈছে ১০ লাখ টকাৰ ক্ষতিপূৰণ। ৰে’ল দুৰ্ঘটনাত বীমাকৃত যাত্ৰীৰ মৃত্যুৰ ক্ষেত্ৰত আইআৰচিটিচিয়ে প্ৰতিগৰাকী যাত্ৰীৰ পৰিয়ালক ১০ লাখ টকা পৰিশোধ কৰিব। আনকি কোনো যাত্ৰী দুৰ্ঘটনাত সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিলেও তেওঁ ১০ লাখ টকা পাব। যদি আংশিকভাৱে অক্ষম হয় তেন্তে ৭ লাখ ৫০ হাজাৰ টকা লাভ কৰিব। লগতে বীমাৰ নিয়ম অনুসৰি চিকিৎসালয়ত চিকিৎসাৰ বাবে ২ লাখ টকা দিয়া হয়। যদি ৰে’ল দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয়, আইআৰচিটিচিয়ে মৃতদেহটো ঘৰলৈ পৰিবহন কৰাৰ ব্যয় হিচাপে ১০ হাজাৰ টকাও পৰিশোধ কৰাৰ নিয়ম আছে।

Related Articles