Breaking

লক্ষীমপুৰত আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছৰ সামৰণি, শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা , দ্বিতীয় শ্ৰেষ্ঠ শিৱসাগৰ জিলা…

0 36

অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত ৩দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৫ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। ৰাজ্যৰ ১২২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহন কৰা এই বৰ্ষৰ প্ৰতিযোগিতাখনক এথলীট সকলে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা বুলিও‌ অভিহিত কৰে। আনহাতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ডিব্ৰুগড়ে শ্ৰেষ্ঠ দল আৰু শিৱসাগৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। ইপিনে প্ৰতিযোগিতা‌ত ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে- ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ দ্ৰোণ পেগু(ধেমাজি), ছোৱালী শাখাত প্ৰতিক্ষা চেতিয়া(শিৱসাগৰ),১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ স্নিগ্ধ প্ৰতীম কোঁৱৰ (শিৱসাগৰ),ছোৱালী শাখাত জেচমিন বৰা (ধেমাজি) ,১৮ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ পাৰ্থপ্ৰতিম বুঢ়াগোহাঁই (শিৱসাগৰ), ছোৱালী শাখাত ৰিমঝিম শইকীয়া (গুৱাহাটী),২০ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ ঐক্ষিক গগৈ(শিৱসাগৰ),ছোৱালী শাখাত মুনমুন চেতিয়া (তিনিচুকীয়া) লগতে পুৰুষ শাখাত জংছাৰ বসুমতাৰী আৰু মহিলা শাখাৰ ৰিম্পী বুঢ়াগোঁহাই(তিনিচুকীয়া)অম্ব্ৰিকা নাৰ্জাৰী( কোকৰাঝাৰ)।

বিজয়ী প্ৰতিযোগীসকলক উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে পদকসমূহ প্ৰদান কৰে। প্ৰতিযোগিতাৰ শেষত বঁটা প্ৰদান অনুষ্ঠানত অসম অসম এথলেটিকছ সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে খেলুৱৈসকলক উদ্দশ্যি বহুমূলীয়া মন্তব্য আগবঢ়াই।

৪০০মিটাৰ দৌৰ ইভেন্টেৰে সামৰণি পৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড• বিমান চেতিয়া, লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া তথা অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়াসকল।প্ৰতিযোগিতখন সুন্দৰভাৱে সফল সামৰণি পৰাত ক্ৰীড়াপ্ৰেমী ৰাইজক সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিযোগিতাৰ শেষত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলৰ মনোৰঞ্জনৰ বাবে অসমৰ কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে।

Leave A Reply