Breaking

ৰঙিয়া পৌৰসভা আৰু ‘সাধনা’ৰ উদ্যোগত চাফাইকৰ্মীৰ সৈতে মত বিনিময় অনুষ্ঠান

0 1,066

 স্বচ্ছ, নিকা আৰু সেউজ ৰঙিয়া গঢ়িবলৈ ‘ৰঙিয়া পৌৰসভা’ আৰু স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ৰ যুটীয়া উদ্যোগত পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাৰ সভাপতিত্বত ৰঙিয়া কৃষক শ্বহীদ ভৱন চাফাই কৰ্মীসকলৰ লগত এখনি সভা অনুষ্ঠিত হয়। কাৰ্যক্ৰমত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পালে ৰঙিয়া চহৰখনক সৰ্বতোপ্ৰকাৰে চাফচিকুণকৈ ৰাখিবলৈ গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায় আৰু চাফাই কৰ্মীসকলৰ লগত এক মত-বিনিময় কাৰ্যক্ৰমৰ দ্বাৰা তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ আলোচনা কৰে।     স্বচ্ছ ভাৰত অভিযানৰ বিষয়া নেহাৰ চামাদ আৰু সাধনাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই ৰঙিয়া নগৰৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালে যাতে শুকান আৰু ভিজা জাৱৰ পৃথককৈ ৰখাৰ অভ্যাস কৰে আৰু চাফাই কৰ্মীসকলে পৃথকীকৰণৰ ওপৰত গুৰুত্ব দি যাতে পেলনীয়া সামগ্ৰীবোৰ সংগ্ৰহ কৰে এই বিষয়ত সুন্দৰকৈ নীতি নিৰ্দেশনা আগবঢ়ায়।    কাৰ্যক্ৰমত পৌৰসভাৰ অন্তৰ্গত লোকসকলৰ ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰা ড্ৰাইভাৰ যতীন বড়ো, সহায়ক/হৰিজন অশোক বাচফোৰ, নলা নিস্কাশক,চেনিটাইজেছন কৰ্মীদ্বয় কুলেন দাস আৰু নেকিবৰ ৰহমান, স্ট্ৰীট চুইপাৰ সুমিত্ৰা বাচফোৰ আৰু পুতুলী বাচফোৰক শ্ৰেষ্ঠ কৰ্মী হিচাপে মহকুমাধিপতিৰ দ্বাৰা ফুলাম গামোচাৰে সন্মানীত কৰা হয়।

Leave A Reply