Breaking

ব্রীজৰ মূল অভিনেত্রী শিৱাৰাণী কলিতালৈ শ্রেষ্ঠ অভিনেত্রীৰ আন্তঃৰাষ্ট্রীয় সন্মান

0 2,072

ব্রীজৰ জৰিয়তে অসমীয়া চলচ্চিত্রলৈ আহিছে আন এক সূখবৰ৷ ২২–২৬ জুনলৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুর্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱার্ডত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নির্মিত বহুল চর্চিত অসমীয়া পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র ব্রীজৰ মূল অভিনেত্রী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান৷ উল্লেখ্য যে যোৱা বছৰ এই সন্মান লাভ কৰিছিল প্রখ্যাত অভিনেত্রী সীমা বিশ্বাসে৷ লখিমপুৰ জিলাৰ ঢ়কুৱাখনা চহৰৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ব্রীজৰ চৰিত্রটো যথেষ্ট প্রত্যাহ্বানমূলক, য’ত তেওঁ পথাৰত হালবোৱা, ভৰা নৈত কলৰ ভূৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল৷

এইখন চিনেমাত অভিনয় কৰাৰ পূর্বে শিৱাৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, অভিজ্ঞতা কেৱল এখন মঞ্চ নাটকত অভিনয় কৰাৰহে সুযোগ লাভ কৰিছিল শিৱাৰাণীয়ে৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রযোজিত ব্রীজে ইতিমধ্যে লাভ কৰিছে ২৮ তাতকৈও অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ আমন্ত্রণ৷৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ভাৰতৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অর্জন কৰা ব্রীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান৷ গোল্ডেন জুৰি আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবি, ১৬সংখ্যক ত্রিশূৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য৷ পুনৰ কানাডাত ছবি মহলত ছবিখনে বঁটা লাভ কৰাত ব্রীজৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে৷

Leave A Reply