Breaking

আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিক্ষক ছিৰখাত হুছেইনক বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্বৰ্ধনা জ্ঞাপন

0 2,049

ভাৰত চৰকাৰৰ  শিক্ষা মন্ত্ৰালয়ৰ অধীনত ২০২০ আৰু ২০২১ বৰ্ষত কৃতি শিক্ষকৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পিছত ২০২০ বৰ্ষত পৃথিৱীৰ ১১০ খন ৰাষ্ট্ৰৰ শিক্ষকৰ লগতে আন্ত: ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে শেহতীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ‘নলেজ হাব” ইউটিউব চেনেলত ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ ২২১ টা শৈক্ষিক ভিডিঅ একেলগে প্ৰিমিয়াৰ কৰি “ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ”ত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ‘নলেজ হাব’ ইউটিউব চেনেলৰ স্বত্তাধিকাৰী  শিক্ষক ছিৰখাত হুছেইনক বঙাইগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয় ৷

বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বিক্ৰম মেধি, সম্পাদক বিনোদ কুমাৰ বৰ্মন, পত্ৰিকা সম্পাদক ৰনজিত কুমাৰ শৰ্মা, চৰ-চাপৰি ভাষা বিকাশ পৰিষদৰ আহ্বায়ক ড° আব্দুছ ছবুৰ, সদস্য কালীন্দ্ৰ শৰ্মা আৰু নিৰঞ্জন নাথ ৷ উল্লেখযোগ্য যে কৰণা মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে  ‘নলেজ হাব’ ইউটিউৱ চেনেলৰ সহযোগত ভিডিঅ সমূহ ইউটিউৱ চেনেলটোত আপলোড কৰিবলৈ সক্ষম হৈছে ৷ শিক্ষক ছিৰখাত হুছেইনে এই কৃতিত্বৰ দাবীদাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সনিমিলনী আৰু ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, শিক্ষক গৰাকীৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

Leave A Reply