Breaking

বৰপেটাত আন্তর্জাতিক দিব্যাংগ দিৱস পালন…

0 82

আজি সমগ্র শিক্ষা, বৰপেটাৰ সমন্বিত শিক্ষা গোটৰ তৰফৰ পৰা সমগ্র বিশ্বৰ লগতে বৰপেটা জিলাৰ আটাইকেইটা শিক্ষাখণ্ডতে আন্তর্জাতিক দিব্যাংগ দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা শিক্ষাখণ্ডত সমগ্ৰ শিক্ষা বৰপেটাৰ সমন্বিত শিক্ষা গোটৰ জিলা আচঁনি বিষয়া কিশোৰ ৰাজবংশীৰ নেতৃত্বত পৰিচালিত হোৱা চাফাই অভিযানৰে দিব্যাংগ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। প্রায় এহেজাৰ দিব্যাংগ শিশুৰ উপস্থিতিত বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলত পালন কৰা আজিৰ এই অনুষ্ঠানত সমগ্ৰ শিক্ষা বৰপেটাৰ সৌজন্যত ২০২৩ বৰ্ষৰ জিলা পৰ্যায়ৰ প্রেৰণা বটা প্রদান কৰা হয়। পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিবেকা ৰঞ্জন ৰায় চৌধুৰী, ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰনেন্দ্ৰ কুমাৰ দাস, সমগ্র শিক্ষাৰ সমন্বিত শিক্ষা গোটৰ জিলা আচঁনি বিষয়া কিশোৰ ৰাজবংশী, বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুবী মণি নাথ উপস্থিত থকা সভাত প্রেৰণা বঁটা লাভ কৰা ব্যক্তিসকল হ’ল ক্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০℅ নম্বৰ প্রাপক দিব্যাংগ শিশু মোজামিল হক, ছবি অকা আৰু কাৰাটেত পাৰদৰ্শিতা দেখুৱা কল্লোল নাথ, প্রধান শিক্ষক দিপজ্যোতি দাস আৰু মমতাজ নাহাৰ খানম।


উল্লেখযোগ্য যে বৰপেটা জিলাৰ ৭ টা শিক্ষাখণ্ডৰ আটাইকেইটা শিক্ষাখণ্ডতে আজি চাফাই অভিযান, পতাকা উত্তোলন, শোভাযাত্রা, বৃক্ষৰোপন, স্বাস্থ্য পৰীক্ষা, খেল ধেমালিৰ লগতে বিভিন্ন প্ৰতিযোগিতা, সজাগতা সভা, বঁটা বিতৰণী সভা অতি ধুমধামেৰে অনুষ্ঠিত কৰা হয়।

Leave A Reply