Breaking

চৰাইদেউ বাতৰি কাকতৰ উদ্যোগত আৰু বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আন্তর্জাতিক মাতৃভাষা দিৱস পালন

0 81

চৰাইদেউ বাতৰিৰ উদ্যোগত আৰু বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আন্তর্জাতিক মাতৃভাষা দিৱস পালন। মাতৃভাষাক অৱজ্ঞা মানেই জাতিৰ পৰিছয়ত মংকট নিশ্চিত। ভাষা যেতিয়া সংকটত নিমৰ্জিত হয়, অপমানিত হয় তেতিয়া ইয়াৰ অস্তিত্বলৈ নামি আহে সংকট। অসমীয়া ভাষা আজি অসমীয়াৰ হাতত অপমানিত হৈছে। পয্যায় ক্রমে বিধস্হ হোৱাৰ দিশে গতি কৰিছে। মাতৃভাষাক অৱজ্ঞা কৰি অহা অধিক সংখ্যক অসমীয়াই মাতৃ-ভাষা দিৱসৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰাটো অত্যন্ত দুভাগ্য জনক। জাতিক ভালপোৱা সকলে প্ৰথমে মাতৃ ভাষাক ভাল পাব লাগিব। মাতৃ ভাষাক অৱজ্ঞা কৰি অহা মানেই জাতিৰ অস্তিত্ব সংকটত পৰাতো নিশ্চিত। মাতৃ ভাষা দিৱসৰ যোগেদি অসমীয়াৰ মাজত ‘ভাষা প্ৰীতি’ৰ জাগৰন সৃষ্টি কৰাৰ সময় আহি পৰিছে।

যোৱা ২১ ফেব্ৰুৱাৰীত চৰাইদেউ বাতৰি’কাকতৰ উদ্যোগত আৰু বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত আন্তর্জাতিক মাতৃভাষা দিৱসত নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি প্ৰগতিশীল লেখক তথা শিক্ষক অৰুন গগৈয়ে এনেদৰে কয়। চৰাইদেউ বাতৰিৰ’ মূখ্য সম্পাদক মৃদুল কুমাৰ চাহুয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাংবাদিক ভাস্কৰ ভাজনীয়ে সঞ্চালনা কৰে। সাম্প্রতিক সময়ত ভাষা দিৱসৰ প্ৰাসংগিকতা”শীর্ষক বক্তৃত্বা অনুষ্ঠানত অংশলৈ চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আচমানে কয় ‘ ভাষা অবিহনে এটা জাতিৰ অস্তিত্ব নাই। জাতি পৰিছয় নিহিত হৈ থাকে ভাষাটোৰ ওপৰত। ভাষাৰ প্ৰতি জাতীয় চেতনাবোধৰ অভাৱ ঘটিছে যাৰ বাবে অসমীয়া ভাষালৈ সংকট নামি আহিছে বুলি সদৰি কৰে। সভাত উপস্থিত থাকে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক পূর্ণানন্দ বৰগোহাঁই, সাংবাদিক সজ্ঞীৱ গগৈ, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী নৱলতা সোণোৱাল, সমাজ কৰ্মী প্ৰদীপ গগৈ, সুখেন গগৈৰ লগতে বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মাজনী দুৱৰা বৰুৱাকে ধৰি বহু কেই গৰাকী বিশিষ্ট ব্যক্তি। মাতৃ ভাষা দিৱসৰ বক্তৃতা অনুষ্ঠান উদ্ধোধন কৰে বৰহাট নিউ হাই স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা কৃতী শিক্ষক বীৰেই বড়াই। অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্র ছাত্রীয়ে গীত পৰিৱেশনৰ লগতে ৰণবিৰ বৰগোহাঁই আৰু জাচিংফা বৰগোহাঁইয়ে কবিতা পাঠ কৰে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই চৰাইদেউ বাতৰি’ সহযোগী তৰুণ গগৈ আৰু পংকজ ৰাজখোৱাই ।

লেখক, অৰুন গগৈ

Leave A Reply