Breaking

অনুষ্ঠান কৰিয়েই অলপ সময়ো ভাৰতত নাথাকিল আন্তঃৰাষ্ট্ৰীয় গায়িকা ৰিহানা! ইয়াৰ কাৰণ কি…

0 196

বিখ্যাত আন্তঃৰাষ্ট্ৰীয় গায়িকা ৰিহানাই শেহতীয়াকৈ ভাৰতত প্ৰথমবাৰৰ বাবে পাৱাৰ পেকড প্ৰদৰ্শন আগবঢ়াইছে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং দিনটোত ৰিহানাই স্মৰণীয় অভিনয় কৰিছিল। তিনিদিন ধৰি চলিছিল অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং উদযাপন, য’ত ভাৰত-বিদেশৰ বহু চেলিব্ৰিটি আহিছিল যদিও ৰিহানাৰ অনুষ্ঠান কৰিয়েই ভাৰত এৰি থৈ যায়। শেহতীয়াকৈ ৰিহানাই ইনষ্টাগ্ৰাম লাইভত প্ৰকাশ কৰিছে যে কিয় জামনগৰত অনুষ্ঠান কৰাৰ পিছতে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। শেহতীয়াকৈ মেলিছা ফৰ্ডৰ ইনষ্টাগ্ৰামত লাইভ প্ৰকাশ কৰিছে পপ গায়িকাগৰাকীয়ে। এই লাইভ চেচনত ৰিহানাই ভাৰতৰ প্ৰতি থকা প্ৰেমৰ কথাও প্ৰকাশ কৰিলে।


আচলতে মেলিছা ফৰ্ডে ইনষ্টাগ্ৰামৰ লাইভ চেচন আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত ৰিহানা আচৰিত হৈ মুখখন লুকুৱাই ৰাখি সুধিলে, “এইটো সঁচাকৈয়ে লাইভ নেকি?”ইয়াৰ পিছত ৰিহানাই ক’লে, “মই ভাৰতত সৰ্বোত্তম সময় কটালোঁ।” মোৰ হাতত মাত্ৰ দুদিন আছিল। মই ভাৰত এৰি যোৱাৰ একমাত্ৰ কাৰণটো হ’ল মোৰ সন্তানৰ বাবে… মই নিশ্চয় আকৌ আহিম ভাৰতলৈ।

Leave A Reply