Breaking

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপে উজ্বলাই তুলিছে অসম তথা দেশৰ ক্ৰীড়াক্ষেত্ৰ

0 2,049

নলবাৰী জিলাত আন্তৰ্জাতিক খেলুৱৈৰ সংখ্যা তেনেই তাকৰ। তাৰে ভিতৰত জ্ঞানদ্বীপ কলিতা এজন অন্যতম খেলুৱৈ। নিজৰ সাহস, একাগ্ৰতা আৰু গভীৰ আত্মবিশ্বাসকে তেওঁ মূলধন হিচাপে লৈ বিভিন্ন দেশত নিজৰ পাৰদৰ্শীতা ডাঙি ধৰি ৰাজ্য তথা দেশলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৯৮৯ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহন কৰা জ্ঞানদ্বীপৰ দেউতাকৰ নাম ধৰ্ম কলিতা আৰু মাকৰ নাম নিৰলা কলিতা। তেওঁ দেৱীৰাম পাঠশালা হাইস্কুলৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ২০১০ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰ স্নাতক ক’লা শাখাত ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। সৰুৰে পৰা ক্ৰীড়াক ভাল পোৱা এটা যুজাৰু মন থকা বাবেই তেওঁ ২০০২ চনত প্ৰশিক্ষক কনক দাসৰ তত্বাবধানত অৰুণোদয় টাইকোৱাডো বিদ্যালয়ত টাইকোৱানডোৰ প্ৰশিক্ষণ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ইখনৰ পিছত সিখন আন্তঃ জিলা টাইকোৱানডো প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত ২০০২ চনত গুৱাহাটীত, ২০০৩ চনত ডিব্ৰুগঢ়ত, ২০০৪ চনত শিৱসাগৰত, ২০০৫ চনত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ লেভেলৰ প্ৰতিখন একক আন্তঃ জিলা টাইকোৱাডো প্ৰতিযোগিতাত গোল্ড মেডেল লাভ কৰি প্ৰতিভাৱান খেলুৱৈ হিচাপে প্ৰতিস্থা লাভ কৰে। ইয়াৰ সুবাদতে তেওঁ ৰাষ্ট্ৰীয় টাইকোৱাডো প্ৰতিযোগিতাত সুযোগ লাভ কৰি উজ্বলি উঠে। ২০০৩ চনত ভূপালত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেলত ব্ৰঞ্জ মেডেল, ২০০৪ চনত চেন্নাইত ব্ৰঞ্জ মেডেল, ২০০৬ চনত কেৰেলাত গোল্ড মেডেল, ২০০৭ চনত গোৱাত গোল্ড মেডেল, ২০০৮ চনত পণ্ডিছেৰীত চিলভাৰ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। চিনিয়ৰ নেচনেল টাইকোৱাডো প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰি ২০০৭ চনত জম্বু-কাশ্মীৰত ব্ৰঞ্জ, ২০০৮ ত অন্ধ্ৰপ্ৰদেশত ব্ৰঞ্জ, ২০১০ চনত বাঙ্গালোৰত ব্ৰঞ্জ পদক লাভ কৰি ভাৰতীয় টাইকোৱাডোত এজন গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈ ভাৰতীয় চাই মিটত ২০০৫ আৰু ২০০৬ চনত কেৰেলাত গোল্ড, ২০০৭ চনত বিশাখাপট্টমত গোল্ড, ২০০৮ চনত কোলামত গোল্ড, ২০০৯ চনত বাঙ্গালোৰত গোল্ড, ২০১০
চনত কোলামত গোল্ড পদক লাভ কৰে। ২০০৬ চনত ভিয়েটনামত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত তেওঁ অংশ গ্ৰহন কৰে। ২০১২ চনত অন্দ্ৰপ্ৰদেশত অনুষ্ঠিত হৈ যোৱা প্ৰথম অপেন আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ অংশ গ্ৰহন কৰে। ২০১৩ চনত বেংকতকত অনুষ্ঠিত হৈ যোৱা অপেন টাইকোৱানডো প্ৰতিযোগিতাত তেওঁ ভাগ লয়। ইয়াৰ উপৰিও ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা নেচনেল গেমছত তেওঁ ব্ৰঞ্জৰ পদক আৰু ২০১০ চনত নগাওঁত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক অলিম্পিক গেমছত গোল্ড মেডেল পাবলৈ সক্ষম হয়। তেওঁ ২০০৫ চনৰ পৰা ২০১১ চনলৈ গুৱাহাটী ছাই কেন্দ্ৰত মাষ্টাৰ দ্বীপেন বৰ্মনৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহন কৰিছিল। টাইকোৱানডোৰ ব্লেক বেল্ট চতুৰ ডান সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱাৰ পিছত এতিয়া তেওঁ ব্ৰেকবেল্ট পঞ্চম ডানৰ বাবে কঠোৰ অনুশীলনত ব্ৰতী হৈ আছে। জ্ঞানদ্বীপ বৰ্তমান নলবাৰী জিলা টাইকোৱানডো সন্থাৰ সম্পাদক হোৱাৰ লগতে অসম টাইকোৱানডো সন্থাৰ হিচাপ পৰীক্ষক আৰু ৰাষ্ট্ৰীয় জোনৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈ সকলক উৎসাহিত কৰি আহিছে। মেধা সম্পন্ন জানদ্বীপে ইচ্ছা কৰা হ’লে এটা সন্মানীয় চাকৰী কৰি জীৱন-নিৰ্বাহ কৰিব পাৰিলে হেতেন। কিন্তু তাকে নকৰি ক্ৰীড়াকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহন কৰি ক্ৰীড়াতে নিজকে সমৰ্পিত কৰি ৰাজ্য তথা দেশলৈ যি সুনাম কঢ়িয়াই আনিছে তাৰ বাবে তেওঁ সদায় প্ৰশংসাৰ পাত্ৰ হৈ থাকিব। জ্ঞানদ্বীপ প্ৰতিভাৱান খেলুৱৈৰ বাবে আদৰ্শ। নিজৰ ইচ্ছা শক্তিৰ ওপৰত প্ৰৱল আত্ম বিশ্বাসী হ’লে জীৱনটো নিজৰ ইচ্ছামতে সাজি লব পাৰি। ইয়াকে যেন প্ৰতিপন্ন কৰিছে জ্ঞানদ্বীপ কলিতাই। ইয়াৰ বাবে ক্ৰীড়া সমাজে জ্ঞানদ্বীপক ধন্যবাদ সহ কৃতজ্ঞতা জনাইছে।

Leave A Reply