Breaking

নাজিৰাৰ মানসিক ৰোগী পৰিচৰ্যা কেন্দ্ৰ জ্যোতিগৃহত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস আৰু ফাকুৱা উৎসৱ পালন

0 34

নাজিৰাৰ হিউমেন ৱেলফেয়াৰ চছাইটিৰ মানসিক ৰোগী পৰিচৰ্যা কেন্দ্ৰ তথা জ্যোতিগৃহত আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিবলৈ উপস্থিত হয় অ’ এন জি চি ৰ মহিলা সমিতিৰ সভানেত্ৰী তথা জ্যোতিগৃহৰ প্ৰায় অনুষ্ঠানৰ সৈতে জড়িত থকা টুটুমণি কোঁৱৰৰ সৈতে উপ সভানেত্ৰী কল্পনা পাটোৱাৰী; সদস্যা ক্ৰমে নিভা মেচ, ৰাণু গগৈ আৰু চুমী শ্যামকে ধৰি ভালেকেইগৰাকী।

তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আবাসী সকলৰ সৈতে এটা কেক কাটি দিৱসটি উদযাপন কৰাৰ লগতে আবাসী সকলৰ মাজত মিঠাই আৰু খাদ্য সামগ্রী বিতৰণ কৰে।

হিউমেন ৱেলফেয়াৰ চছাইটিৰ তথা জ্যোতিগৃহৰ সকলো আবাসীৰ হৈ সভানেত্ৰী টুটুমণি কোঁৱৰৰ লগতে মহিলা সমিতিৰ সকলো সদস্যা সকললৈ হিউমেন ৱেলফেয়াৰ চছাইটিৰ পৰিচালন সঞ্চালক নাচেৰ খানে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে ৰঙৰ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply