Breaking

ওদালগুৰিত আন্তর্জাতিক নাৰী দিৱস উদযাপন…

0 42

ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগৰ অধীনত জিলা হাব ফৰ মহিলা সবলীকৰণৰ উদ্যোগত আৰু ওদালগুৰি ডাক বিভাগৰ সহযোগত শুক্ৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। ওদালগুৰিৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়া ধীৰাজ কুমাৰ তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যাৰ প্ৰসংগত মহিলা সুৰক্ষা আইন, মহিলাৰ বাবে দক্ষতা বিকাশৰ সুযোগ, লিংগ সমতা, মহিলা কেন্দ্ৰিক আচনিৰ বিভিন্ন বিষয় সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে মহিলা সবলীকৰণক আগবঢ়াই নিবলৈ এই অনুষ্ঠানটো আয়োজন কৰা হয় বুলি কয়।

মুখ্য অতিথি হিচাপে উপস্থিত থকা ওদালগুৰি আৰক্ষী বিভাগৰ ডি এছ পি ফুলকন নাৰ্জাৰী‌য়ে বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। তেওঁ ভাষণৰ প্ৰসংগত নাৰী সবলীকৰণৰ, লিংগ সমতাৰ ওপৰত সজাগতা মূলক ভাষণ দিয়ে। তেওঁ কয় যে গোটেই বিশ্বৰ‌ ভিতৰত অকল ভাৰতবৰ্ষতেই নাৰীক দেৱী হিচাপে পূজা কৰা হয়।
মাজবাটৰ শিশু বিকাশ প্ৰকল্প বিষয়া অঞ্জনা ব্ৰহ্মই সমাজ কল্যাণ বিভাগে নাৰী তথা শিশু সকলৰ উন্নতিৰ হকে কৰি অহা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি সমূহৰ ওপৰত বক্তব্য আগবঢ়ায়। জিলা আইন সেৱা প্ৰাধিকীকৰণৰ এল এ ডি চিৰ ডেপুটি চিফ মহেন্দ্ৰ প্ৰসাদ ৰাভাই মহিলা সম্বন্ধীয় বিভিন্ন ধৰণৰ আইনী প্ৰক্ৰিয়া সমুহৰ ওপৰত বক্তব্য ৰাখে। ঢেকীয়াজুলী চাব ডিভিচনৰ অন্তৰ্গত ডাকঘৰ পৰিদৰ্শক হেমন্ত বৰ্মনে ডাকঘৰত উপলব্ধ বিভিন্ন সেৱাৰ ওপৰত সজাগ অৱগত কৰাই, বিশেষকৈ তেওঁ সুকণ্যা আঁচনিৰ সুবিধা গ্ৰহণ কৰি কণ্যা শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। ওদালগুৰিৰ শিশু বিকাশ প্ৰকল্প বিষয়া নিৰুপমা বসুমতাৰী, ঢেকীয়াজুলী চাব ডিভিচনৰ অন্তৰ্গত ডাকঘৰৰ বিপণন কাৰ্যবাহী বিষয়া পুলক নাথ, ৰজ এন জি ওৰ ডাইৰেক্টৰ ললিত বড়ো আৰু এম আৰ এছ ডি এন জি ওৰ অধ্যক্ষ ড° মিলন দাস,চিনি প্ৰতিষ্ঠানৰ জিলা সমন্বয়ক এঞ্জেল বসুমতাৰীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নাৰী দিৱসৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত আজিৰ দিনটোতে বিভিন্ন নিৰ্যাতনৰ বলি হোৱা লগতে মুক্ত হৈ আত্মনিৰ্ভৰশীল হোৱা কিছু মহিলাক সম্বৰ্দ্ধনা জনাই অনুপ্ৰাণিত কৰা হয়। অনুষ্ঠানত হৰিশিঙাত হৈ যোৱা ভলীবৰ আৰু কাবাডীৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ‌ কৰা হয়।


অনুষ্ঠানটোত ওদালগুৰি ব্লকৰ অন্তৰ্গত জীৱিকা সখী, সমাজ কল্যাণ বিভাগৰ পৰ্যবেক্ষক, বিষয়া তথা কৰ্মচাৰী, চাইল্ড লাইন, ক্ৰীড়া বিভাগ, নীতি আয়োগ, পোষন অভিযান, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্ম কৰ্তা, চাইল্ড ইন নিড ইনষ্টিটিউত, ৱান ষ্টপ চেন্টাৰ, পিৰামল ফাউণ্ডেশ্যনয় লগতে স্থানীয় যুৱতী তথা মহিলা সকলে অংশগ্ৰহণ কৰে। ৰৌতা পোষন অভিযানৰ ব্লক সমন্বয়ক বিষয়া চিত্ৰা কছাৰীয়ে পৰিচালনা কৰা সভাখন অনুষ্ঠিত কৰাত বিশেষ ভাৱে সহযোগ কৰে জিলা হাব মহিলা সবলীকৰণৰ বিষয়া মাইনাওশ্ৰি বড়ো আৰু এঞ্জেলিছা বসুমতাৰীয়ে।

Leave A Reply