Breaking

সমগ্ৰ বিশ্বৰ লগতে ‘দৈনন্দিন বাৰ্তা ‘ৰ কাৰ্যালয়তো আন্তৰ্জাতিক নাৰী দিৱস উলহ-মালহেৰে উদযাপন

0 97

আজি ৮ মাৰ্চ,আন্তৰ্জাতিক নাৰী দিৱস।সমগ্ৰ বিশ্বৰ লগতে ‘দৈনন্দিন বাৰ্তা ‘ৰ কাৰ্যালয়তো আন্তৰ্জাতিক নাৰী দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। DB news ত কৰ্মত জড়িত হৈ থকা প্ৰত্যোক গৰাকী নাৰীক জনোৱা হয় বিশেষ সম্বৰ্ধনা ।নৃত্য-গীতৰে আনন্দময় পৰিৱেশ DB news তবিশ্ব নাৰী দিৱস উপলক্ষে এক ক্ষুদ্ৰ প্ৰচেষ্টা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ।

নাৰীৰ স্বঅধিকাৰ আৰু মৰ্যদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁ‌টি।সামাজিক ৰাজনৈতিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী পুৰুষ নিৰ্বিশেষে সমানে আগবাঢ়ি যোৱআজি আন্তর্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ এইবাৰৰ বিষয়বস্তু হ’ল – “Gender equality today for a sustainable tomorrow.” ।

সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য । নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰটো ইতিহাসে প্ৰতীয়মান কৰিছে। কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এটা উল্লেখযোগ্য দিন।


নাৰী আন্দোলনৰ এই সুদীৰ্ঘ সংগ্ৰামৰ স্বীকৃতি হিচাপে অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে। অলেখ মহিয়সী নাৰীৰ সংগ্ৰাম আৰু ত্যাগৰ বিনীময়ত আজিৰ দিনটো আমাৰ উপহাৰ স্বৰূপ ।

Leave A Reply