Breaking

সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ চৌৰাগুৰী আৰু মাণিকপুৰত আন্তৰ্জাতিক নাৰী দিৱস পালন।

0 30

আজি আন্তৰ্জাতিক নাৰী দিৱস । সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ চৌৰাগুৰী গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত আইভেলি চি এল এফ আৰু মাণিকপুৰস্থিত জিলা পৰিষদৰ. প্ৰেক্ষাগৃহত মানাহ ভেলি চি এল এফৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

নাৰীৰ সুৰক্ষা আৰু অধিকাৰৰ উদ্দেশ্যে বিশ্বজুৰি পালন কৰা হৈছে এই আন্তৰ্জাতিক নাৰী দিৱস ৷ চৌৰাগুৰীত অসম ৰাজ্যিক জীৱিকা অভিযান মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰে এই দিৱস। ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ পাছতে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে ফিতা কাটি কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে। বাল্য বিবাহ বন্ধ কৰক, নাৰীক সুৰক্ষা প্ৰদান কৰক, নাৰীক সম অধিকাৰ দিয়ক, নাৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদিৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ভাষন প্ৰদান কৰে বিধায়ক জনে।

Leave A Reply