Breaking

প্ৰতিকূল বতৰৰ মাজতো পালন আন্তঃৰাষ্ট্ৰীয় যোগদিৱস…

0 75

দেশৰ ভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ ভৱন প্ৰাংগণতো এদিনীয়াকৈ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ড°পৰমানন্দ ৰাজবংশীৰ উদ্যোগত বিজেপি’ৰ পাথৰিঘাট মণ্ডল সমিতিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগদিৱস পালন কৰা হয়।

শৰীৰ মন দেহ নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ প্ৰয়াসেৰে উদযাপিত যোগদিৱসৰ কাৰ্যসুচীত সাংসদ,বিধায়কৰ উপৰিও মণ্ডল সমিতি,মৰ্চাৰ কাৰ্যকৰ্তা,বুথ সমিতিৰ বিষয়ববীয়া,শক্তি কেন্দ্ৰৰ আহ্বায়ককে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে শৰীৰ চৰ্চাকৰি যোগদিৱসৰ উপকাৰিতা আৰু সজাগতাৰ প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়।উল্লেখ্য যে ভুষণ চন্দ্ৰ ডেকাই আতধৰা অনুষ্ঠানত পশ্চিম দৰং যোগ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিমালয় শৰ্মাই যোগচৰ্চাৰ অনুষ্ঠানটি পৰিচালনা কৰে।

নামখলাৰ পৰা দ্বীপেন ডেকাৰ প্ৰতিবেদন

Leave A Reply