Breaking

আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

0 2,037

আজি ২১ জুন, বিশ্ব যোগ দিৱস। শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাহন স্বৰূপ পৌৰাণিক ভাৰতীয় পৰম্পৰা যোগাভ্যাসৰ জয়গানেৰে আজি সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। মহামাৰী কৰোণা ভাইৰাছৰ ভয়াবহতাৰ মাজতেই অনুষ্টুপীয়াকৈ কভিড প্ৰট’কল মানি যোগ দিৱসৰ দিনা উদ্যোক্তা সকলে যোগ প্ৰণায়মৰ জৰিয়তে স্বাস্থ্য ৰক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ সকলোকে আহ্বান জনায়। কভিডৰ দৰে মহামাৰীৰ পৰা বাচি থাকিবলৈও নিয়মীত যোগ আভ্যাস কৰাৰ প্ৰয়োজন আছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। আজি কাৰ্যসূচীত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ খাইৰুল ইছলাম লগতে আহ্বায়ক পৰিমল সৰকাৰ ও স্বাস্থ্য কেন্দ্ৰটোৰ সমুহ কৰ্মচাৰী সকলৰ লগতে ভালে সংখ্যক স্থানীয় ৰাইজেও অংশ গ্ৰহণ কৰে।

Leave A Reply