Breaking

আই পি এল’ত আজি চেন্নাই বনাম কলকতা, মুম্বাইৰ হাতত পৰাস্ত বাংগালোৰ

0 20

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি চেন্নাইৰ মুখামুখি হ’ব কলকতা। চলিত বৰ্ষত দুয়োটা দলে ১২ খন খেলৰ ক্ৰমে ৪ আৰু ৬ খনত জয়ী হৈছে। ইতিমধ্যে আইপিএলৰ পৰা বাহিৰ হৈছে চেন্নাই ছুপাৰ কিংছ। সন্মান ৰক্ষাৰ বাবে চেন্নাই ছুপাৰ কিংছে খেলত অংশ গ্ৰহন কৰাৰ বিপৰিতে কলকতাই জয়লাভ কৰিব পাৰিলে প্লে অফলৈ উত্তীৰ্ণ হোৱাৰ আশা কৰিব পাৰি।

আজিৰ চেন্নাই বনাম কলকতা খেলখন দুবাইৰ খেল পথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে মুম্বাই ইণ্ডিয়ানছ আই পি এল ২০২০ৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে টছত বিজয়ী হৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক বেটিং কৰিবলৈ নিমন্ত্ৰণ জনাই।

বাংগালোৰৰ জ’ছ ফিলিপ আৰু দেৱদূতে দলক এটা ভাল আৰম্ভণি দিয়ে। ফিলিপে ২৪ বলত ৩৩ ৰান আৰু দেৱদূতে ৪৫ বলত ৭৪ কৰিবলৈ সক্ষম হয়। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অন্য বেটছমেন সকল সহযোগিতা আগবঢ়োৱাত ব্যৰ্থ হয় যাৰ বাবে ২০ অ’ভাৰৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছে ৬ টা উইকেট হেৰুৱাই  মাত্ৰ ১৬৪ ৰান কৰিবলৈ সক্ষম হয়।

আনহাতে মুম্বাইৰ হৈ বুমৰাহে ৪ অভাৰত ১৪ ৰান দি ৩ টা উইকেট দখল কৰে। ১৬৫ ৰানৰ লক্ষ্যৰ পিছলৈ মুম্বায়ে সূৰ্যকুমাৰ যাদৱৰ ৪৩ টা বলত ৭৯ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে জয় লাভ কৰাৰ লগতে আই পি এল ২০২০ৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল হিচাপে নিজৰ পথ প্ৰসস্থ কৰে।

Leave A Reply