Breaking

আইপিএল ২০২৪ ৰ সময়সূচী ঘোষণা

0 102

বৃহস্পতিবাৰে ঘোষণা হ’ল IPL 2024ৰ ১৭ সংস্কৰণৰ বাবে সূচী। এই টি-২০ লীগৰ প্ৰথম পৰ্যায় ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। উদ্বোধনী খেলত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। এই মেচখন অনুষ্ঠিত হ’ব চেন্নাইত। চেন্নাই দলৰ নেতৃত্ব দিব মহেন্দ্ৰ সিং ধোনীয়ে।

উল্লেখ্য যে দেশৰ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম ১৭ দিনৰ বাবে আইপিএলৰ সূচী ঘোষণা কৰা হৈছে, য’ত প্ৰথম পৰ্যায়ত ২১খন খেল অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০১৯ চনত আইপিএলৰ আয়োজন পৃথক পৃথক পৰ্যায়ত হৈছিল।

বিশাখাপত্তনমকে ধৰি ১০খন চহৰে আই পি এলৰ প্ৰথম ২১খন খেল আয়োজন কৰিব। চেন্নাই, মোহালি, কলকাতা, জয়পুৰ, আহমেদাবাদ, বেংগালুৰু, হায়দৰাবাদ, লক্ষ্ণৌ, বিশাখাপত্তনম, মুম্বাইত আই পি এলৰ প্ৰথম পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব।

Leave A Reply