Breaking

আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলৰ ঘোষণা : ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত আইপিএল

0 1,172

দৈনন্দিন বাৰ্তা ডেস্ক :

সংযুক্ত আৰব আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল অনুষ্ঠিত হ’ব ৷ এই কথা জনাইছে আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে ৷ টি-২০ বিশ্ব কাপ পাছৰ বছৰলৈ পিছুৱাই যোৱাৰ পাছত আইপিএলক অনুষ্ঠিত কৰাক লৈ চৰ্চা চলি আছিল৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত আইপিএল আয়োজনৰ কথা ভাবিছিল ৷ ব’ৰ্ডৰ সূত্ৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানক জনাই যে ১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল আৰম্ভ হ’ব ৷ অৱশেষত আইপিএলৰ অধ্যক্ষ ব্ৰিজেছ পেটেলে এই কথা ঘোষণা কৰে৷ তেওঁ জনায় যে ১৯ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত সংযুক্ত আৰৱ আমিৰশ্বাহিত আইপিএল অনুষ্ঠিত হ’ব৷ আঠটা ফ্ৰেঞ্চানজিক ব’ৰ্ডৰ তৰফৰ পৰা আইপিএলৰ দিন জনোৱা হৈছে৷ তাৰ পাছত আইপিএলৰ সূচী প্ৰস্তুত কৰা হ’ব৷ অহা সপ্তাহত আইপিএলৰ গভাৰ্ণিং কাউঞ্চিলৰ সভা অনুষ্ঠিত হ’ব৷ তাতে সূচী চূড়ান্ত কৰা হ’ব৷ উল্লেখ্য যে আইপিএল আৰম্ভ হোৱাৰ প্ৰায় এমাহৰ আগতে আৰৱ পাবগৈ সকলো দল৷ তাতেই চলিব প্ৰস্তুতি৷ আইপিএলৰ মুঠ ৬০ খন মেচ ডুবাই,  শ্বাৰজা আৰু আবু ধাবিত অনুষ্ঠিত হ’ব ৷

Leave A Reply