Breaking

আই পি এলঃ ৰাহুলক ককৰ্থনা LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাৰৰ! অনুৰাগীৰ খং…

0 24

বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে খেলা আই পি এল মেচখনত ৬২টা বল বাকী থকা অৱস্থাত ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) ইমান বেয়াকৈ পৰাজয়ত হতাশ হোৱা দলৰ মালিক সঞ্জীৱ গোৱেংকাই খেলৰ অন্তত খেলপথাৰৰ মাজত কে এল ৰাহুলৰ ওপৰত ৰাজহুৱাকৈ ককৰ্থনা কৰে।মেচৰ পিছৰ প্ৰেজেণ্টেশ্যনৰ বাবে যেতিয়া সকলোৱে খেলপথাৰত উপস্থিত আছিল, ঠিক সেই মুহূৰ্ততে সঞ্জীৱ গোৱেংকাই খঙেৰে কে এল ৰাহুলক বহু কথা ক’লে।

মেচখনৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাক অধিনায়ক কে এল ৰাহুলৰ সৈতে এনিমেটেড কথা পতা দেখা গৈছিল, যাৰ ফলত নেটিজেনসকলক ক্ষুব্ধ হৈ পৰিছিল। ঘটনাস্থলীত নিজৰ মতামত ব্যক্ত কৰি বিশেষজ্ঞসকলে কয় যে এনে কথা-বতৰা বন্ধ দুৱাৰৰ ভিতৰত হ’ব লাগে।


Leave A Reply