Breaking

৭,৮ ফেব্রুৱাৰীত নিলাম হ’ব আই পি এল

0 2,060

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণৰ খেলুৱৈ নিলাম অহা বর্ষৰ ৭, ৮ ফেব্রুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

বি চি চি আইৰ এগৰাকী আগশাৰীৰ বিষয়াই আজি এই কথা সদৰী কৰিছে৷ লোভনীয় প্রতিযোগিতাখনৰ খেলুৱৈ নিলাম অনুষ্ঠানটো বাংগালুৰুত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি ব’ৰ্ডৰ বিষয়াগৰাকীয়ে লগতে কয় যে খেলুৱৈ নিলাম অনুষ্ঠানটোৰ বাবে বাংগালুৰুত ব্যাপক প্রস্তুতি চলোৱা হৈছে৷

Leave A Reply