Breaking

সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…

0 10

সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত কৰা হ’ল৷ সমকামী সম্পৰ্কত লিপ্ত হ’লেই ১৫ বছৰলৈকে কাৰাদণ্ড হ’ব পাৰে। ইৰাকৰ সংসদত সমকামী সম্পৰ্কক বেআইনী ঘোষণা কৰি অনা হৈছে এখন বিশেষ আইন । ইৰাকৰ চৰকাৰে দাবী কৰিছে যে নতুন আইনৰ উদ্দেশ্য হৈছে ধৰ্মীয় মূল্যবোধক সুৰক্ষা প্ৰদান কৰা। ইফালে, বহুকেইটা সমকামী লোকৰ সংগঠন তথা মানৱ অধিকাৰ সংগঠনে ইৰাকৰ চৰকাৰৰ নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷ উল্লেখ্য বিশ্বৰ ৬০ খনতকৈও অধিক দেশত সমকামী সম্পৰ্ক নিষিদ্ধ কৰা হৈছে।পূৰ্বে বিশ্বৰ বহু দেশত সমকামীসকলক মৃত্যুদণ্ড বিহাৰ পোষকতা কৰা হৈছিল। কিন্তু বহু ইউৰোপীয় দেশত এনে সম্পৰ্কত লিপ্ত লোকৰ সৰ্বাধিক শাস্তি হৈছে ১৫ বছৰৰ কাৰাবাস।

ইৰাকী সমাজক সমগ্ৰ বিশ্বত বিয়পি পৰা নৈতিক অৱক্ষয় আৰু সমকামিতাৰ পৰা সুৰক্ষিত কৰিবলৈ এই আইন অনা হৈছে বুলি দেশ খনৰ চৰকাৰে প্ৰকাশ কৰিছে। আইন অনুসৰি সমকামী সম্পৰ্কৰ সৈতে জড়িত যিকোনো লোকক সৰ্বাধিক ১৫ বছৰ আৰু নূন্যতম ১০ বছৰৰ কাৰাবাসৰ শাস্তি বিহা হ’ব। যিসকল ব্যক্তিয়ে সমকামিতা বা পতিতাবৃত্তিক সমৰ্থন কৰি সেইবোৰৰ সপক্ষে প্ৰচাৰ চলায় তেনে লোককো কমেও সাত বছৰৰ বাবে কাৰাবাস দিয়া হ’ব। ইয়াৰ পূৰ্বে ইৰাকত আইনৰ দ্বাৰা সমকামিতাক অপৰাধ বুলি গণ্য কৰা হোৱা নাছিল।

Leave A Reply