Breaking

ধুলা গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত অনিয়ম : তদন্তৰ দাবী সাংগঠনিক সম্পাদকৰ

0 130

খাৰুপেটীয়া

ধুৱা চাঙত পৰিণত হৈছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাক্য। ৰাজ্যখনৰ শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কামৰ প্ৰতি ৰাইজ সন্তুষ্ট হলেহে মুকলাই দিয়া হ’ব আঁচনিৰ ধন। সেই কথাষাৰ ধোৱা চাঙত পৰিণত হ’বলৈ ধৰিছে ধুলা গাঁও পঞ্চায়তত। আঁচনি ৰূপায়ণৰ নামত কেৱল লুণ্ঠন চলাইছে পঞ্চায়ততখনত। গাওঁ পঞ্চায়তখনত এমজিএনৰেগা আৰু চতুৰ্দশ বিত্তীয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদে। অভিযোগ অনুযায়ী দৰং জিলাৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধুলা  গাঁও পঞ্চায়তৰ ১নং মাগুৰমাৰী গাঁৱৰ মজিবুৰ আলী ঘৰৰ পৰা মেহেৰ আলীৰ ঘৰলৈ যোৱা পথ পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ নামত ৩,৬৭,২৩২  টকা আৰু  ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ নামত জলফু আলীৰ ঘৰৰ পৰা ভিক্কু আলীৰ ঘৰলৈ যোৱা পথ পুনৰ নিৰ্মাণৰ বাবে মুঠ ৬,৮৭,৪,৭৮ টকা আৱন্টন দিয়ে। জনসাধাৰণৰ সুবিধাৰ্থে গাঁৱলীয়া বাট পথবোৰ সুচল কৰিবৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ধন আৱণ্টন দিছে যদিও ঠিকাদাৰৰূপি জনপ্ৰতিনিধিসকলে চৰকাৰী নিয়ম নীতিক জলাঞ্জলি দি নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰিছে উক্ত আঁচনি দুখনত৷ তাৎপৰ্যপূৰ্ণ যে আঁচনি ৰূপায়ণৰ নামত  আৱণ্টিত হোৱা টকাৰ বেছি পৰিমানে গাঁও পঞ্চায়তৰ সদস্য সচিব, কম্পিউটাৰ সহায়ক, জি আৰ এছ আৰু কণিষ্ঠ অভিযন্তাৰ পকেটলৈ যোৱা বুলি অভিযোগ উত্থাপিত কৰিছে একাংশই। ফাইলৰ লগতে প্ৰতিখন টেবুলত ধন নিদিলে পাছ নহয় কোনো আঁচনিৰ বিল। এক গোপন সূত্ৰে জানিব পৰা মতে আঁচনিবোৰৰ প্ৰত্যেকখন বিল পাছ কৰাৰ সময়ত পঞ্চায়তৰ সচিব, কম্পিউটাৰ সহায়ক, জিআৰএছকে আদি কৰি কণিষ্ঠ অভিযন্তাজনকো শতাংশ হিচাপত টকা দিয়াৰ পাছত কাম নেদেখাকৈ ঘৰত বহিয়েই বিল পাছ কৰা বুলি জানিব পৰা গৈছে। বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধুলি দি এই সকল দুৰ্নীতিগ্ৰস্থ বিষয়াসকলে পঞ্চায়তখনত চলাইছে ব্যাপক লুণ্ঠন। যাৰ ফলত অৰ্ধ নিৰ্মিত পথ চোৱাৰে বাৰিষা কালত পথযাত্ৰীসকলে বাইকতো বাদেই খোজকাঢ়িও যাতায়াতৰ ক্ষেত্ৰত বাধা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে ধুলা গাঁও পঞ্চায়তত ৰূপায়ণ হোৱা আঁচনিবোৰত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।

Leave A Reply