Breaking

৮ বছৰে অসম্পূৰ্ণ দুনী উত্তোলিত জলসিঞ্চন আচনি

0 1,584

দৰঙৰ প্ৰহসনত পৰিণত হৈছে নিৰ্মীয়মান দুনী উত্তোলিত জলসিঞ্চন আচনি ।মুলতঃ জলসিঞ্চন বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে  ৮ বছৰে সম্পূৰ্ণ হোৱা নাই আচনি খন । ২০১২/১৩ বৰ্ষতে পাণ্ডাঘাটৰ দিমীলা নদীৰ ওপৰত স্হাপন কৰা হৈছিল দুনী উত্তোলিত জলসিঞ্চন আচনি । ২২৮৭’৫০ লাখ টকা ব্যয় সাপেক্ষে আচনি  খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে সংশ্লিষ্ট বিভাগ । আঠ খন পানী দুৱাৰ সংলগ্ন  মুল বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদি কৃষি ভূমিলৈ পানী পৰিৱাহী ডোং আজি পৰ্যন্ত নিৰ্মাণ হোৱা নাই । প্ৰাক্ লন অনুসৰি  অঞ্চলটোৰ ১৮০০ হেক্টৰ কৃষি ভূমি আচনি খনে সামৰি লব লাগে ।বাস্তৱত কৃষিভূমিলৈ এটোপাল পানী যোৱাৰ সুব্যৱস্হা হোৱা নাই ।  অভিযোগ অনুসৰি মঙলদৈ সংমণ্ডলৰ অধীনস্থ  নিৰ্মীয়মান আচনি খন  একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ খিৰতী গাইত পৰিণত হৈছে । নদীত পানী বঢ়াৰৰ লগে লগে মূলবান্ধৰ উজনি ত খহনীয়া আৰম্ভ হোৱাত মথাউৰিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । খৰালি সময়ছোৱাত ব্লডাৰ পিটচিং নকৰাত খহনীয়াৰ প্ৰকোপ  বৃদ্ধি পোৱাটো নিশ্চিত হৈছে ।তাৰোপৰি  নৰ্মীয়মান বান্ধটোত  ঠিকাদাৰৰ সংখ্য আঙুলিৰ মুৰত হিচাপ কৰিব নোৱাৰি।মূলবান্ধৰ উজনি অংশৰ  মথাউৰি ,ডোং আদি নিৰ্মাণত অসংখ্য ঠিকাদাৰ জড়িত হৈ আছে । আনহাতে আচনি খনৰ তদাৰকৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা জনৰ কতৰ্ৱ্যত গাফিলতি আৰু বেপৰুৱা স্বভাৱৰ বাবে নিৰ্ধাৰিত সময়ত আচনি সম্পূৰ্ণ হৈ উঠা নাই ।  জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই যোৱা বৰ্ষত আচনিখন পৰিদৰ্শন কৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও সময়ত ফুটুকাৰ ফেনত পৰিণত হল ।  দুনী উত্তোলিত জলসিঞ্চন  সম্পূৰ্ণ কৰি কৃষকক সকাহ দিয়াত সম্পূৰ্ণ ৰূপে ব্যৰ্থ সংশ্লিষ্ট বিভাগৰ মঙলদৈ সংমণ্ডল ।দুনী উত্তোলিত জলসিঞ্চন আচনিয়ে নহয় ৩০ কোটি টকীয়া ননৈ বোঁৱতী জলসিঞ্চন প্ৰকল্প আঁচনিও ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply