Breaking

দৈ আপোনাৰ প্ৰিয় নেকি ? সাৱধান ! দৈয়ে শৰীৰত কৰিব পাৰে ক্ষতি …….

0 268

অসমীয়া সমাজত দৈ খুব জনপ্ৰিয়। দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱনদায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হৈছে।

দৈত মানুহৰ দেহৰ বাবে প্রয়োজনীয় মূল্যৱান প্ৰ’টিন, আৱশ্যকীয় ভিটামিন, লেকটিক এচিড আৰু খনিজ লৱণ একেলগে পোৱা যায়।এই সকলোবোৰ গুণৰ বাবে ইয়াক দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু কেতিয়াবা দৈৰ সুৱাদ বঢ়াবৰ বাবে দৈৰ লগত কেতিয়াবা কিছুমান বস্তু একেলগে খাও। দৈৰ লগত কিছুমান বস্তু একেলগে খোৱাৰ ফলত আমাৰ শৰীৰত ক্ষতি সাধন কৰিব পাৰে। সেয়েহে আজি আমি আলোচনা কৰিম দৈ লগত একেলগে কি খাব নালাগে।

গৰমৰ দিনবোৰত দেখা যায় কিছুমান মানুহে প্ৰায়ে ঘৰত ৰায়তা তৈয়াৰ কৰে। দৈত পিঁয়াজ যোগ দিয়ে। কিন্তু দৈ লগত পিয়াজ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যাৰ ফলত এলাৰ্জি, এচিডিটি, বমি হ’ব পাৰে।

আমৰ সৈতে দৈ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। যাৰ ফলত চালৰ সমস্যা হ’ব পাৰে।

মাছৰ সৈতে দৈ খোৱাটো অতি ভয়ানক যাৰ ফলত বদহজম হোৱাৰ লগতে পেটৰ বিষৰ দৰে সমস্যা হ’ব পাৰে।

দৈৰ লগত গাখীৰ খোৱাটো অতি ক্ষতিকাৰক বুলি ধৰা হয়। দুয়োটা একেলগে খালে বদহজম, গেছ, পেটৰ বিষ, বমি আদি হ’ব পাৰে।

দৈৰ সৈতে ৰহৰ দাইল একেলগে খাব নালাগে। যাৰ ফলত এচিডিটি, পেটফুলা আদিৰ দৰে সমস্যা হ’ব পাৰে ।সেয়েহে এই দুয়োটা কেতিয়াও একেলগে খাব নালাগে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

Leave A Reply