Breaking

ভাত ৰন্ধাৰ পূৰ্বে চাউল ধোৱাটো জৰুৰী নেকি…

0 25

ভাত ৰন্ধাৰ পূৰ্বে চাউল ভালদৰে ধুই লোৱা হয়। কিন্তু আপুনি জানেনে ভাত ৰন্ধাৰ পূৰ্বে চাউল ধোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী! ভাৰতীয় খাদ্য প্লেটৰ এটা গুৰুত্বপূৰ্ণ অংশ ভাত। দেশৰ প্ৰায় প্ৰতিখন ঘৰতে ভাত খায়। বগা চাউল হওক বা ব্ৰাউন ৰাইচ হওক, ই পৃথিৱীৰ অন্যতম প্ৰিয় শস্য।

ভাত ৰন্ধোটো অতি সহজ। ইয়াক কেৱল এটা পাত্ৰত যথেষ্ট পানী দি সম্পূৰ্ণ কোমল হোৱালৈকে সিজাই লোৱা হয়। যদিও বেছিভাগ মানুহে ভাত বনোৱাৰ আগতে চাউল পানীত ভালদৰে ধুই লয়, তথাপিও কিছুমান মানুহে চাউল নোধোৱাকৈয়ে ভাত ৰান্ধে। ভাত ৰন্ধা পূৰ্বে চাউল ধোৱাটো কিমান স্বাস্থ্য উপকাৰী জানো আহক-

ব্ৰাউন বা বগা চাউলৰ পৰা আৰ্ছেনিক আঁতৰাবলৈ অলপ উতলাই ল’ব পাৰে। চাউলখিনি পানীত পাঁচ মিনিট ৰাখি তাৰ পিছত ভাতখিনি স্বাভাৱিকভাৱে ৰান্ধিব। এফ ডি এৰ তথ্য অনুসৰি ৬ৰ পৰা ১০ অংশ পানী মিহলাই এক অংশ চাউল ৰান্ধি তাৰ পিছত পানী নিষ্কাশন কৰিলে অজৈৱিক আৰ্ছেনিক ৪০-৬০% হ্ৰাস পাব পাৰে।

ভাত ধুই প্ৰস্তুত কৰিলে আঠা লগা নহয়। ইয়াৰ উপৰিও খাদ্য সুৰক্ষাৰ দৃষ্টিকোণৰ পৰাও ই নিৰাপদ। ইয়াৰ উপৰিও ধানত লুকাই থকা সৰু সৰু পোক-পৰুৱাবোৰো ভালদৰে পৰিষ্কাৰ হয়। অৱশ্যে চাউল ধুলেও তাত থকা পুষ্টিকৰ উপাদান কমি যায় বুলিও বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত যিসকলে ভাত মূল খাদ্য হিচাপে খাই তেওঁলোকে নোধোৱাকৈ ৰান্ধিব লাগে।

Leave A Reply