Breaking

১০ দিনত ১০ কেজি ওজন কমোৱাতো সম্ভৱ নে? অসম্ভৱকো সম্ভৱ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে…

0 75

১০ দিনত ১০ কেজি ওজন কমোৱাতো সম্ভৱ নে? অসম্ভৱকো সম্ভৱ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে। দুমাহ পূৰ্বে বিখ্যাত অভিনেত্ৰী গৌহাৰ খানে জন্ম দিয়ে এটি পুত্ৰ সন্তান। শিশু প্ৰসৱৰ দুমাহৰ পিছতে ওজন কমোৱা কথা কৈ অভিনেত্ৰীগৰাকীয়ে ক’লে যে মই ১০ দিনত ১০ কিলো ওজন কমালো। এক সাক্ষাৎকাৰত গৌহাৰ খান ১০ দিনত ১০ কেজি ওজন কমোৱাৰ কথা স্বীকাৰ কৰে। গৌহাৰে কয় যে- তাই কৈছিল যে গৰ্ভাৱস্থাত বৃদ্ধি পোৱা ওজন কমাবলৈ বহু সময় লাগে, বহু কষ্টৰ মাজেৰে ১০ কিলো ওজন কমালো। অভিনেত্ৰীগৰাকীয়ে কয যে প্ৰসৱৰ পিছত ভনীয়েক, মাক আৰু শাহুৱেকে সকলো বহু ধৰণৰ খাদ্য খুৱাইছিল। সেইবাবে বহুত শকত হৈ গৈছিল অভিনেত্ৰীগৰাকী।

গৌহাৰ খানে কয় যে তেওঁ সন্তানৰ সকলো কাম নিজেই কৰিছিল আৰু এইটোৱে তেওঁক সহায় কৰিছিল। সকলোকে আচৰিত কৰি গৌহাৰে ১০ কিলো ওজন কমাই দিলে। এতিয়া অভিনেত্ৰীগৰাকীয়ে শাৰীৰিক ব্যায়ামতো যোগ দিছে।গৌহৰ খানে বহু টিভি শ্ব’ৰ উপৰিও বহু ছবি আৰু ৱেব ছিৰিজত অভিনয় কৰিছে।

Leave A Reply