Breaking

গিবন অভয়াৰণ্যত কাটা তাঁ‌ৰৰ বেৰাৰে উন্নয়নৰ নামত বন্য জীৱ কুললৈ বিপদ নমাই আনিছে নেকি বন বিভাগে?

0 110

যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰানী সংৰক্ষীত অভয়াৰণ্য মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে অভয়াৰণ্যখনৰ জীৱ কুললৈ বিপদ নমাই আনিব পাৰে।

আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড ডাইভাৰ্চিটি কনজাৰভেশ্বন চমুকৈ(এ,পি,এফ,বি,চি) আঁ‌চনিৰ অধিনত অভয়াৰণ্য খনত গছ পুলি ৰোপন কৰাৰ লগতে চাৰি সীমাত কাটা তাঁ‌ৰৰ বেৰ নিৰ্মান কাৰ্য চলি আছে।

হাতী বাঘ বান্দৰৰ লগৰে বহু দুস্প্ৰাপ্য বন্য জীৱ-জন্তুৰ বাসস্থলী গিবন অভয়াৰন্যৰ উন্নয়নৰ নামত বন বিভাগে অভয়াৰণ্য খনৰ চাৰি সীমাত কাটা তাঁ‌ৰৰ বেৰ নিৰ্মান কৰাৰ দৰে হঠকাৰি কৰ্মই প্ৰকৃতি প্ৰেমি সকলক ক্ষুব্ধ কৰি তুলিছে। প্ৰায় পোৱালী সহ দুকুৰিৰো অধিক হাতী বাস কৰে এই অভয়াৰণ্যত৷

খাদ্যৰ সন্ধানত পোৱালি সহ হাতীৰ জাকটো সদায় দাতীকাষৰীয়া গাঁ‌ও আৰু চাহ বাগিছা অঞ্চললৈ ওলায় যায়। হাতী অহা যোৱা হস্তীদণ্ডীটো কাটা তাঁ‌ৰৰ বেৰ লগাই দিয়াত পোৱালি হাতী গুৰুত্বৰ ভাবে আঘাট পোৱাৰ প্ৰবল আশংকাই দেখা দিছে।

-কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি

Leave A Reply