Breaking

প্ৰকৃততে চৰকাৰী বন বিভাগ আছেনে ?

0 2,184

নাজিৰাত প্ৰকৃতিৰ বুকুৰ সম্পদ আহৰণৰ নামত চৰকাৰী অনুজ্ঞা পত্ৰৰ সকলো নীতি ভৰিৰে মোহাৰি দুৰ্বৃত্তৰ হাতোৰাত চলি ৰৈছে কেৱল প্ৰকৃতি ধ্বংস কাৰ্য্য । দিখৌ নৈৰ বুকুত উদ্ঘাটিত হৈ অহা নিৰ্মাণ কাৰ্য্যৰ মূল সামগ্ৰী শিলৰ খননৰ নামত চৰকাৰে কি নীতি গ্ৰহণ কৰিছে আৰু প্ৰকৃততে খনন স্থলীত ঘটিছে কি সেই বিষয়ে চৰকাৰী বন বিভাগেই চূড়ান্ত অজ্ঞতা প্ৰদৰ্শনৰ নাটক কৰি অহাটো প্ৰকট হৈ পৰিছে । পৰিণতিত নাজিৰাৰ বামুনপুখুৰী চাহ বাগিছাৰো ভূমি অবৈধভাৱে খনন কৰি যোৱাত চাহ বাগিচা আৰু সমীপৱৰ্তী ৰাইজ জাগ্ৰত হৈ কৰা প্ৰতিবাদৰ ফলত  শিৱসাগৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী সহ নাজিৰা মহকুমা প্ৰশাসনৰ বিষয়া আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত হয়গৈ ভয়াবহ খননৰ ফলত তচনচ হৈ পৰা দিখৌ নৈৰ পাৰ আৰু প্ৰকৃতি ভূমিৰ ধ্বংস স্তূপৰ মাজত ।

আনহাতে  প্ৰকৃতিৰ ধ্বংস কাৰ্য্য চলি ৰোৱা আৰু দিখৌ নদীৰ পাৰিপাৰ্শ্বিকতা ধ্বংস স্তূপলৈ পৰিণত কৰাৰ এই  কাণ্ডত নীতিগতভাৱেই কৰ্তৃপক্ষৰ সৈতে চৰজমিন কাৰ্য্যলৈ ওলাই আহিল শিৱসাগৰ জিলাৰ জল সম্পদ কাৰ্য্যালয়ৰ বিষয়া অভিযন্তা সকলো । খোদ চৰকাৰী বিষয়া সকলেই পৰিস্থিতি দেখি আগন্ত্তক সময়ত দিখৌ নদীৰ গতি সলনি হৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিলে । আগন্ত্তক বাৰিষাত দিখৌ নদীৰ গতি সলনি ঘটিলে বামুনপুখুৰী চাহ বাগিচাত বানৰ বাবে হাহাকাৰ হোৱাৰ আশংকা প্ৰকাশ কৰিলে । সুদীৰ্ঘ দিন ধৰি চলি অহা  এই অবাধ খননৰ ফলত দিখৌ নদীৰ বুকু ধ্বংস কৰাই নহয় চাহ বাগিছাৰ ভিতৰলৈকে দিখৌ নদীৰ মথাউৰি অতিক্ৰম কৰি প্ৰায় পঞ্চাশ বিঘা ভূমিত অবৈধ শিল খনন চলায় এইসকল দুৰ্বৃত্তই । আনহাতে পৰাগ চেতিয়া নামৰ এজন যুৱ ব্যৱসায়ীৰ নামত  এক অনুজ্ঞা পত্ৰ সততে প্ৰদৰ্শন কৰি অহা শিল খননত জড়িত দুৰ্বৃত্ত হঁতে খোদ লখিমী জান খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অধীনতে দীৰ্ঘদিন ধৰি দিনে ৰাতিয়ে এই কাণ্ড সংঘটিত কৰি গ’ল । শিৱসাগৰ জিলা সংমণ্ডল ডি এফ অ’  কাৰ্য্যালয়ৰ অধীনত আৰু লখিমীজান বীট অফিচৰ সমুখত চলি ৰোৱা এই খনন কাৰ্য্যক লৈ জন সাধাৰণে দীৰ্ঘদিন ধৰি সন্দেহ প্ৰকাশ কৰি আহিছিল । সেয়েহে তেওঁলোকে নাজিৰা মহকুমা প্ৰশাসনৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় পৰ্য্যন্ত অবৈধ খনন আৰু দিখৌ নৈৰ পাৰিৱেশ ধ্বংস কাৰ্য্যক প্ৰতিবাদ জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । 

অতি আশ্চৰ্যকৰ ভাৱে সংশ্লিষ্ট সন্দেহজনক অনুজ্ঞা পত্ৰখনৰ গৰাকী পৰাগ চেতিয়া নিজে লখিমীজান ২ নং কুৱেৰী সমীপস্থ প্ৰকৃতিৰ ধ্বংস স্তূপ এলেকাত উপস্থিত হয় আৰু সাংবাদিকৰ আগত সেই অনুজ্ঞা পত্ৰ তেওঁৰ নহয় বুলি কয় ।  এনে ধ্বংসাত্মক খনন কাৰ্য্যৰ বিষয়ে তেওঁ অৱগতই নহয় বুলি কোৱাত সম্প্ৰতি অসম চৰকাৰৰ  বন বিভাগে প্ৰকৃততে দালালগিৰি আৰু কমিচন ৰাজৰ বাবে একাংশ চোৰাং খননকাৰীক প্ৰশ্ৰয় দি অহাটো জলজল পটপট হৈ পৰিল । খননৰ  অনুজ্ঞা পত্ৰ প্ৰদৰ্শনেৰে চৰকাৰী অনুমতি লাভ আৰু সম্পদ আহৰণৰ সকলো কৰ কাটল প্ৰদান কৰাৰ জাহিৰ কৰি অহা এই সকল শিল খনন কাৰীয়ে যে প্ৰকৃততে লাখে লাখে টকাৰ কৰ ফাঁকি দি আহিছিল আৰু মানুহৰ সমুখত ভূৱা অনুজ্ঞা পত্ৰকে দাঙি ধৰিছিল সেই কথা প্ৰতিষ্ঠা হ’ল । এনে পৰিপ্ৰেক্ষিতত দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা প্ৰদৰ্শন কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে  শিৱসাগৰ  জিলাৰ সংশ্লিষ্ট অসম চৰকাৰৰ বন বিভাগীয় কাৰ্য্যালয় আৰু বিষয়া সকলৰ  ভূমিকাক কি বুলি গ্ৰহণ কৰিব সেয়া এতিয়াহে লক্ষণীয় হ’ ব ।

এই ক্ষেত্ৰত এক ন্যায়িক তদন্তৰ দাবী কৰিছে  সচেতন জনসাধাৰণে । আনহাতে এনে কাৰ্য্য বন বিভাগে চকু থাকিও নেদেখাৰ ভাও জোৰাৰ বাবেই সংঘটিত হ’ বলৈ পোৱা আৰু চৰকাৰী নীতিৰ শিৱসাগৰ বন বিভাগত শৰাধ হোৱা কাৰ্য্যৰ চূড়ান্ত প্ৰমাণৰ পাছত এই সমূহ অবৈধ খনন বন্ধ হ’বনে নহয় সেই বিষয়ক লৈও জনসাধাৰণ চিন্তিত । উল্লেখযোগ্য যে নাজিৰাৰ বিধায়ক তথা ৰাজ্যৰ বিধয়িনী দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সপ্তাহকাল পূৰ্বে এই অবৈধ খনন স্থলীত উপস্থিত হৈ স্বাক্ষুস অভিজ্ঞতা অসমৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰিছিল । 

Leave A Reply